যোগ স্পৰ্টছ্ ডেভেলপমেন্ট এছ'চিয়েচন আৰু পতঞ্জলী যোগ সমিতি, অমৃতসৰ উদ্যোগত পাঞ্জাৱৰ অমৃতসৰত ভাৰতীয় বিদ্যা ভৱন পাব্লিক স্কুলত অনুষ্ঠিত দ্বিতীয় ৰাষ্ট্ৰীয় মুকলি যোগাসন প্ৰতিযোগিতাত ডিগবৈৰ অভিশেষ চন্দে সোণৰ পদক লাভ কৰি অসমৰ লগতে ডিগবৈবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। অসমৰ যোগগুৰু সুখময় নাথ আৰু বিনয় ভট্টাচাৰ্যৰ তত্বাবধানত ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰা অসমৰ দলটোৱে মুঠ তিনিটা সোণ, দুটা ৰূপৰ পদক লাভ কৰে। অসমৰ দলটোৰ বিনীত ভট্টাচাৰ্য্য , বিনায়ক ভট্টাচাৰ্য্য, অভিশেষ চন্দে সোণৰ পদক লাভ কৰাৰ বিপৰীতে প্ৰতাপ দাস আৰু দেবাশীষ চক্ৰৱৰ্তীয়ে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। অভিশেষ ডিগবৈ মাষ্টৰ পাড়াৰ নিবাসী অনিল চন্দ আৰু ঝুনু চন্দৰ পুত্ৰ। অভিশেষৰ সাফল্যত ডিগবৈ বিধায়ক সুৰেন ফুকন, অসম ক্ৰীড়া ভাৰতীৰ উত্তৰ প্ৰান্তৰ সভাপতি প্ৰশান্ত শইকীয়া, সমাজ সেৱক মনোজ ধানোৱাৰ, ডিগবৈ পৌৰসভাৰ চেয়াৰমেন সুদীপ দত্তচৌধুৰী, উপ পৌৰপতি ডিম্পী সোণোৱাল, আটাছুৰ কেন্দ্ৰীয় উপ সভাপতি উৎপল গগৈ, যুৱনেতা সন্দিপ্ত ফুকন, টাইপা ডিগবৈ আঞ্চলিক সমিতিৰ সভাপতি বিতোপন লাহন সহ বহু ক্ৰীড়াপ্ৰেমীয়ে অভিনন্দন জনাইছে।
ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত ডিগবৈৰ অভিশেষ চন্দৰ সোণৰ পদক লাভ
📍 ডিগবৈ · তিনিচুকীয়া
খবৰটো উপযোগী হ'লে আপোনাৰ পৰিয়াল আৰু বন্ধুৰ সৈতে শ্বেয়াৰ কৰক।
এই খবৰটো আন ভাষাত: English · हिन्दी · বাংলা
📱 ছবিৰে চাওক (ৱেব ষ্ট'ৰী)ভুল দেখিছে? আমাক জনাওক।