কৰ্মসংস্থাপনৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈ ৰাছিয়াত সন্ধানহীন হৈ পৰিছে কাছাৰ জিলাৰ এজন যুৱক। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে ৰাছিয়াৰ সেনাৰ পোছাক পৰিহিত অৱস্থাত যুৱকজনক দেখা পোৱা বুলি দাবী কৰা এটা ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে এতিয়া পৰিয়ালটোৰ মাজত তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে।
সন্ধানহীন যুৱকজন কাছাৰ জিলাৰ সোণাইৰ বাসিন্দা আব্দুল মুক্তাদিৰ লস্কৰ বুলি চিনাক্ত কৰা হৈছে। পৰিয়ালে জনোৱা অনুসৰি, কামৰ সন্ধানত যোৱা ১৩ জুলাইত তেওঁ প্ৰথমে মুম্বাইলৈ গৈছিল। তাত তিনিদিনমান থকাৰ পিছত চাকৰিৰ প্ৰতিশ্ৰুতিৰে তেওঁক ৰাছিয়ালৈ পঠিওৱা হয়।
অৱশ্যে কোনে যুৱকজনক তালৈ পঠিয়াইছিল বা কি কামৰ প্ৰস্তাৱ দিয়া হৈছিল, সেই সম্পৰ্কে পৰিয়ালৰ লোকসকলৰ হাতত কোনো স্পষ্ট তথ্য নাই। আব্দুলৰ ভাতৃয়ে জনোৱা মতে, যোৱা ২৫ আগষ্টলৈকে পৰিয়ালৰ সৈতে তেওঁৰ যোগাযোগ আছিল। কিন্তু তাৰ পিছৰে পৰা হঠাৎ ফোন আৰু আন সকলোধৰণৰ যোগাযোগ বন্ধ হৈ পৰে।
দীৰ্ঘদিন ধৰি কোনো সন্ধান নোপোৱাৰ মাজতে সামাজিক মাধ্যমত এটা ভিডিঅ’ পৰিয়ালৰ দৃষ্টিগোচৰ হয়। উক্ত ভিডিঅ’টোত ৰাছিয়াৰ সেনাৰ পোছাক পিন্ধি আন কেইজনমান লোকৰ সৈতে আব্দুলক দেখা পোৱা বুলি দাবী কৰা হৈছে। অৱশ্যে ভিডিঅ’টোত থকা লোকজন আব্দুলেই হয় নে নহয় অথবা ৰাছিয়াৰ সেনাবাহিনীত তেওঁক সঁচাকৈয়ে নিযুক্তি দিয়া হৈছে নেকি, সেই বিষয়ে কোনো আনুষ্ঠানিক নিশ্চিতি পোৱা হোৱা নাই।
আব্দুল মুক্তাদিৰ দুটি কণমানি সন্তানৰ পিতৃ। তেওঁৰ তিনি বছৰীয়া এটি পুত্ৰ আৰু এবছৰীয়া এটি কন্যা সন্তান আছে। দীৰ্ঘদিন ধৰি তেওঁৰ কোনো খবৰ নোপোৱাত পত্নী আৰু কণমানি সন্তান দুটিক লৈ দিশহাৰা হৈ পৰিছে পৰিয়ালটো।
এনে পৰিস্থিতিত যুৱকজনৰ পৰিয়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে। কূটনৈতিক পৰ্যায়ত আলোচনাৰ জৰিয়তে আব্দুলৰ সঠিক সন্ধান উলিয়াই তেওঁক সুকলমে ঘৰলৈ ওভতাই অনাৰ ব্যৱস্থা কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা চৰকাৰক কাতৰ আহ্বান জনোৱা হৈছে।