১ নং বৰবিলস্থিত বৈষ্ণৱ মন্দিৰত ‘ডিগবৈ শ্যাম ভক্ত সমিতিৰ উদ্যোগত ভক্তিপূৰ্ণ পৰিৱেশত ‘বাবা শ্যাম জন্মোৎসৱ’ পালন কৰা হয়। জন্মোৎসৱৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানত জনপ্ৰিয় ভজন গায়ক হৰ্ষিত খৈতানে ভজন পৰিৱেশন কৰি উপস্থিত ভক্তপ্ৰাণ ৰাইজক আপ্লুত কৰে।ভজন আৰু ভক্তিমূলক সংগীতৰ সুৰেৰে সমগ্ৰ অনুষ্ঠানস্থলী মুখৰিত হৈ পৰে। জন্মোৎসৱক কেন্দ্ৰ কৰি আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হোৱা অনুষ্ঠানত বহু সংখ্যক ভক্তই অংশগ্ৰহণ কৰে।
ডিগবৈ বৈষ্ণৱ মন্দিৰত ‘বাবা শ্যাম জন্মোৎসৱ’ পালন
📍 ডিগবৈ · তিনিচুকীয়া
খবৰটো উপযোগী হ'লে আপোনাৰ পৰিয়াল আৰু বন্ধুৰ সৈতে শ্বেয়াৰ কৰক।
এই খবৰটো আন ভাষাত: English · हिन्दी · বাংলা
📱 ছবিৰে চাওক (ৱেব ষ্ট'ৰী)ভুল দেখিছে? আমাক জনাওক।