সংসদৰ আগন্তুক শীতকালীন অধিৱেশনতে ১২৫সংখ্যক সংবিধান সংশোধনী বিধেয়ক, ২০১৯ গৃহীত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাইছে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে। উত্তৰ-পূৰ্বাঞ্চলৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত স্বায়ত্তশাসিত পৰিষদসমূহৰ প্ৰশাসনিক আৰু বিত্তীয় ক্ষমতা শক্তিশালী কৰাৰ বাবে এই বিধেয়কখন কাৰ্যকৰী কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি তেওঁ উল্লেখ কৰে।

‘ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় অঞ্চলসমূহৰ প্ৰশাসনত ইয়াৰ ভূমিকা’ শীৰ্ষক এক প্ৰবন্ধত সাংসদগৰাকীয়ে ষষ্ঠ অনুসূচীৰ গুৰুত্ব আৰু জনজাতীয় স্বাৰ্থ সুৰক্ষাৰ বিভিন্ন দিশ আলোকপাত কৰে। অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ জনজাতীয় অঞ্চলসমূহত স্ব-শাসন ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত ষষ্ঠ অনুসূচীয়ে বিশেষ ভূমিকা পালন কৰি আহিছে বুলি তেওঁ কয়।

নাৰ্জাৰীয়ে জনায় যে ২০১৯ চনত সংসদত উত্থাপন কৰাৰ পাছত এই বিধেয়কখন সংসদীয় স্থায়ী সমিতিলৈ প্ৰেৰণ কৰা হৈছিল। সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ পাছতো বিধেয়কখন সংসদত গৃহীত নোহোৱাত তেওঁ উদ্বেগ প্ৰকাশ কৰে।

এই বিধেয়কখন গৃহীত হ'লে ২০২০ চনৰ বড়ো শান্তি চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি পূৰণৰ পথ মুকলি হ'ব বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে। সংবিধানৰ ২৮০ নং অনুচ্ছেদ আৰু ষষ্ঠ অনুসূচীৰ সংশোধনৰ জৰিয়তে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)-ৰ ক্ষমতা বৃদ্ধিৰ বিষয়টোত তেওঁ বিশেষভাৱে গুৰুত্ব আৰোপ কৰে।

১৯৯৩, ২০০৩ আৰু ২০২০ চনত স্বাক্ষৰিত শান্তি চুক্তিসমূহৰ কথা স্মৰণ কৰি তেওঁ কয় যে এই চুক্তিসমূহৰ ফলতেই বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ, বিটিচি আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (বিটিআৰ) গঠন হৈছিল। ২০২০ চনৰ চুক্তিৰ পাছত ১০ হাজাৰৰো অধিক সশস্ত্ৰ কেডাৰে অস্ত্ৰ ত্যাগ কৰি মূলসুঁতিলৈ উভতি অহাৰ ফলত অঞ্চলটোত শান্তি ঘূৰি আহিছিল বুলিও তেওঁ জনায়।

শান্তি চুক্তিখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ দফা ছবছৰ পাৰ হোৱাৰ পাছতো কাৰ্যকৰী নোহোৱাত তেওঁ আক্ষেপ প্ৰকাশ কৰে। এনডিএ চৰকাৰৰ সংসদত পৰ্যাপ্ত সংখ্যাগৰিষ্ঠতা থকাৰ কথা উল্লেখ কৰি সাংসদগৰাকীয়ে ৰাজনৈতিক সদিচ্ছা প্ৰদৰ্শনৰ জৰিয়তে এই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়। স্বায়ত্তশাসিত পৰিষদসমূহক অধিক ক্ষমতা প্ৰদান কৰিলে স্থায়ী শান্তি আৰু উন্নয়ন নিশ্চিত হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে।