গুৱাহাটী: মহানগৰীৰ বৰ্ষাপাৰা উৰণীয়া সেতুত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন ইলেক্ট্ৰিক অট’ৰ চালকৰ কৰুণ মৃত্যু ঘটে। এখন তীব্ৰবেগী বলেৰ্ন’ বাহনে ই-অট’খনক প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলতেই এই ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, এএছ ২০ এফএল ৮৬৮৮ নম্বৰৰ মাৰুতি চুজুকি বলেৰ্ন’ বাহনখনে এএছ ০১ ইউচি ৭৩০৩ নম্বৰৰ ইলেক্ট্ৰিক অট’খনক তীব্ৰ বেগেৰে আহি প্ৰচণ্ড খুন্দা মাৰে। ফলত ই-অট’খনৰ চালকজন গুৰুতৰভাৱে আহত হয়। সংকটজনক অৱস্থাত চালকজনক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু ঘটে।
দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখনৰ চালকৰ নাম ললিত ৰায় বুলি চিনাক্ত কৰা হৈছে। বাহনখনত তেওঁৰ সৈতে অচিত চৰকাৰ নামৰ আন এজন বন্ধুও আছিল। দুয়োগৰাকী যুৱকৰে ঘৰ মহানগৰীৰ আমবাৰীৰ চেগুনবাৰী অঞ্চলত বুলি জানিব পৰা গৈছে।
ইপিনে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত পথচাৰী আৰু স্থানীয় ৰাইজ একত্ৰিত হৈ পৰে। উত্তেজিত একাংশ লোকে বলেৰ্ন’ বাহনখনত থকা যুৱক দুজনক উত্তম-মাধ্যম সোধায়। পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উত্তেজিত ৰাইজৰ কবলৰ পৰা যুৱক দুজনক উদ্ধাৰ কৰে।
এই ভয়ংকৰ দুৰ্ঘটনা আৰু অট’ চালকজনৰ মৃত্যুক লৈ সমগ্ৰ বৰ্ষাপাৰা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ লগতে গভীৰ শোকৰ ছাঁ পৰিছে।