৩ নৱেম্বৰঃ
ওমানৰ উপকূলৰ সমীপত ভাৰতীয় পতাকাবাহী এখন জাহাজত অচিনাক্ত আকাশী বস্তুৰ আঘাতত এজন ভাৰতীয় নাবিকৰ মৃত্যু হৈছে। জাহাজখনত থকা আন ১৩জন নাবিকক উদ্ধাৰ কৰিছে ওমানৰ উপকূলৰক্ষী বাহিনীয়ে।
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে এই কথা প্ৰকাশ কৰে। তেওঁৰ মতে, ২ নৱেম্বৰত ওমানৰ উপকূলৰ সমীপেৰে গৈ থকা অৱস্থাত ‘MSV AL JUSUFI’ নামৰ ভাৰতীয় জাহাজখনত আঘাত লাগে।
জাহাজখনত মুঠ ১৪জন ভাৰতীয় নাবিক আছিল। আঘাতৰ ফলত গুৰুতৰভাৱে আহত হোৱা গুজৰাটৰ গান্ধাৰ নাহিম আজিজৰ পিছত মৃত্যু হয়। আন ১৩জন নাবিকে জাহাজ এৰি সুৰক্ষিত স্থানলৈ যাবলৈ সক্ষম হয়। পিছত ওমানৰ উপকূলৰক্ষী বাহিনীয়ে তেওঁলোকক উদ্ধাৰ কৰে।
সোণোৱালে নিহত নাবিকজনৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। লগতে ১৩জন উদ্ধাৰ হোৱা নাবিকক তাৎক্ষণিক সহায় আগবঢ়োৱা আৰু তেওঁলোকক ভাৰতলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰালয় আৰু ওমানস্থিত ভাৰতীয় দূতাবাসে স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকা বুলি জনায়।
অৱশ্যে, জাহাজখনত আঘাত কৰা অচিনাক্ত আকাশী বস্তুটোৰ প্ৰকৃতি আৰু ঘটনাৰ আঁৰৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।