মুম্বাই, ৩ নৱেম্বৰ: অভিনেত্ৰী দিয়া মিৰ্জাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। বৃহন্মুম্বাই পৌৰ নিগমে (BMC) আঁতৰাই দিয়া দীপাৱলীৰ বিজ্ঞাপনটো পুনৰ প্ৰকাশৰ পৰামৰ্শ দিছে ন্যায়ালয়ে। বিজ্ঞাপনটো আঁতৰোৱা সিদ্ধান্তক লৈ আদালতে অসন্তুষ্টিও প্ৰকাশ কৰিছে।
দীপাৱলীৰ সময়ত ফটকা ফুটোৱাৰ ফলত হোৱা বায়ু আৰু শব্দ প্ৰদূষণৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে BMC-এ এটা প্ৰচাৰ অভিযান চলাইছিল। এই অভিযানৰ ভিডিঅ’ত অভিনেত্ৰী দিয়া মিৰ্জাই অংশগ্ৰহণ কৰিছিল। কিন্তু তেওঁৰ অংশগ্ৰহণক লৈ আপত্তি উত্থাপন কৰে মুম্বাইৰ মেয়ৰ ঋতু টাৱড়ে আৰু বিজেপিৰ মুম্বাই মহানগৰ সমিতিৰ সভাপতি অমিত সাতামে।
তেওঁলোকে অভিনেত্ৰীগৰাকীৰ অংশগ্ৰহণক দুৰ্ভাগ্যজনক আখ্যা দিছিল। লগতে প্ৰচাৰ অভিযানটোক বেলেগ ৰূপ দিয়া হৈছে বুলিও মন্তব্য কৰিছিল। ইয়াৰ পাছতে BMC-এ কোনো স্পষ্ট কাৰণ নজনোৱাকৈ ভিডিঅ’টো আঁতৰাই দিছিল।
এই ঘটনাক লৈ শুনানি গ্ৰহণ কৰি বম্বে উচ্চ ন্যায়ালয়ে ৰাজনৈতিক নেতাসকলৰ মন্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। আদালতে কয় যে ৰাজহুৱা সজাগতা অভিযানত অংশগ্ৰহণ কৰা অভিনেতা-অভিনেত্ৰীসকলৰ বিৰুদ্ধে কৰা মন্তব্যই তেওঁলোকক বিচলিত কৰিছে।
ন্যায়ালয়ৰ মতে, BMC-এ প্ৰদূষণৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে ভাল পদক্ষেপ গ্ৰহণ কৰিছিল। অভিনেতা-অভিনেত্ৰীসকলেও সমাজত একতাৰ বাৰ্তা প্ৰচাৰ কৰিছিল। এনে এটা গুৰুত্বপূৰ্ণ অভিযানত ৰাজনৈতিক বিভাজনৰ কোনো স্থান থাকিব নালাগে বুলিও আদালতে মন্তব্য কৰে।
আদালতে লগতে কয় যে মুম্বাইৰ সামাজিক জীৱন একতা আৰু সম্প্ৰীতিৰ ওপৰত নিৰ্ভৰশীল। ৰাজনৈতিক নেতাৰ অসংযত মন্তব্যই এই ভাৰসাম্য নষ্ট কৰিব নালাগে। সংবিধানৰ ওপৰত জনসাধাৰণৰ বিশ্বাস অটুট ৰখাৰ বাবেও বিজ্ঞাপনটো পুনৰ প্ৰকাশ কৰাটো উচিত হ’ব বুলি আদালতে মত প্ৰকাশ কৰে।
ন্যায়ালয়ে ভিডিঅ’টো পুনৰ প্ৰকাশ কৰাটো আদৰ্শ পদক্ষেপ হ’ব বুলি উল্লেখ কৰে। অৱশ্যে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত BMC-ৰ ওপৰতে এৰি দিয়ে আদালতে।
উল্লেখযোগ্য যে, আদালতে বিজ্ঞাপনটো পুনৰ প্ৰকাশৰ পৰামৰ্শ দিছে। কিন্তু BMC-ক এই সন্দৰ্ভত বাধ্যতামূলক নিৰ্দেশ দিয়া হোৱা নাই।