নিউয়ৰ্ক, ২১ নৱেম্বৰ: আমেৰিকা-ভিত্তিক খালিস্তানপন্থী নেতা গুৰপতৱন্ত সিং পন্নুনক হত্যাৰ ষড়যন্ত্ৰৰ গোচৰত ভাৰতীয় নাগৰিক নিখিল গুপ্তাক আমেৰিকাৰ এখন ফেডাৰেল আদালতে ১৯ বছৰ ৭ মাহৰ কাৰাদণ্ড বিহিছে। মুঠ ২৩৫ মাহৰ এই কাৰাদণ্ড ঘোষণা কৰে নিউয়ৰ্কৰ চাউদাৰ্ণ ডিষ্ট্ৰিক্টৰ জিলা ন্যায়াধীশ ভিক্টৰ মাৰেৰোৱে।

৫৫ বছৰীয়া নিখিল গুপ্তাই ধন দি হত্যাৰ পৰিকল্পনা, হত্যাৰ ষড়যন্ত্ৰ আৰু ধন সৰবৰাহৰ ষড়যন্ত্ৰ—এই তিনিটা অভিযোগ আদালতত স্বীকাৰ কৰিছিল। শাস্তি ঘোষণাৰ সময়ত গুপ্তাই নিজৰ কাৰ্যৰ বাবে অনুশোচনা প্ৰকাশ কৰে।

আমেৰিকাৰ তদন্তকাৰী সংস্থাৰ অভিযোগ অনুসৰি, ২০২৩ চনত নিউয়ৰ্কত পন্নুনক হত্যা কৰাৰ পৰিকল্পনাৰ সৈতে গুপ্তা জড়িত আছিল। ভাৰত চৰকাৰৰ কৰ্মচাৰী বিকাশ যাদৱৰ নিৰ্দেশত গুপ্তাই এই হত্যাৰ বাবে যাৱতীয় যোগাযোগ আৰু ব্যৱস্থা কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল।

আমেৰিকাৰ ড্ৰাগ এনফ'ৰ্চমেণ্ট এডমিনিষ্ট্ৰেচন চমুকৈ ডিইএৰ এক গোপন অভিযানত এই ষড়যন্ত্ৰ পোহৰলৈ আহে। আদালতৰ নথি অনুসৰি, গুপ্তাই হত্যাৰ বাবে যিজন ব্যক্তিৰ সৈতে যোগাযোগ কৰিছিল, তেওঁ প্ৰকৃততে ডিইএৰ গোপন তথ্যদাতা আছিল। পাছত তেওঁ গুপ্তাক এজন ভাড়াতীয়া হত্যাকাৰীৰ সৈতে চিনাকি কৰাই দিয়ে, যিজন ব্যক্তি ডিইএৰ এগৰাকী গোপন বিষয়া আছিল।

অভিযোগ অনুসৰি, এই হত্যাকাণ্ডৰ বাবদ ১ লাখ আমেৰিকান ডলাৰ দিবলৈ সন্মত হৈছিল বিকাশ যাদৱ আৰু গুপ্তাই এই কামত মধ্যস্থতা কৰিছিল। কিন্তু পৰিকল্পনানুসৰি হত্যাকাণ্ড সংঘটিত হোৱাৰ পূৰ্বেই আমেৰিকাৰ চোৰাংচোৱা সংস্থাই সমগ্ৰ বিষয়টো ধৰা পেলায়।

২০২৩ চনৰ জুন মাহত আমেৰিকাৰ অনুৰোধমৰ্মে চেক গণৰাজ্যত গ্ৰেপ্তাৰ কৰা হৈছিল নিখিল গুপ্তাক। ইয়াৰ পাছত ২০২৪ চনৰ জুন মাহত তেওঁক আমেৰিকালৈ প্ৰত্যৰ্পণ কৰা হয়।

ইফালে, এই গোচৰৰ আন এজন অভিযুক্ত বিকাশ যাদৱ এতিয়াও আমেৰিকাৰ জিম্মাত নাই। আমেৰিকাৰ ন্যায় বিভাগৰ দাবী অনুসৰি, ঘটনাৰ সময়ত যাদৱ ভাৰত চৰকাৰৰ কৰ্মচাৰী আছিল। অৱশ্যে ভাৰত চৰকাৰে এই ষড়যন্ত্ৰৰ সৈতে চৰকাৰৰ কোনো সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰি আহিছে আৰু এনে কাৰ্য চৰকাৰী নীতিৰ বিৰুদ্ধ বুলি স্পষ্ট কৰি দিছে।