ভাৰত-বাংলাদেশ সীমান্তৰ মৌলভীবজাৰ জিলাৰ বৰলেখা অঞ্চলত ২০ জন লোকক বাংলাদেশলৈ ওভতাই পঠোৱাৰ চেষ্টা বিফল কৰা বুলি দাবী কৰিছে বৰ্ডাৰ গাৰ্ড বাংলাদেশে (বিজিবি)। প্ৰতিকূল বতৰৰ সুযোগ লৈ পাহাৰীয়া সীমান্তৰে লোককেইজনক বাংলাদেশলৈ ওভতাই পঠোৱাৰ চেষ্টা চলোৱা হৈছিল বুলি ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) বিৰুদ্ধে অভিযোগ তুলিছে বাহিনীটোৱে।

প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে নিশা বৰলেখা উপ-জিলাৰ লাটু আৰু পাল্লাথলৰ পাহাৰীয়া সীমান্ত অঞ্চলত এই ঘটনা সংঘটিত হয়।

বিজিবিৰ বিষয়াসকলে সদৰী কৰা মতে, সীমান্তত বতৰ বেয়া থকাৰ সময়তে লোককেইজনৰ চলাচল ধৰা পৰে। ইয়াৰ পিছতে বিজিবিৰ টহলদাৰী দলে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰি লোককেইজনক বাংলাদেশত প্ৰৱেশ কৰাত বাধা দিয়ে। বিজিবিৰ দাবী অনুসৰি, শুকুৰবাৰে পুৱালৈকে সেই ২০ জন লোক ভাৰতীয় দিশৰ ন' মেনছ লেণ্ডতে আছিল। বিজিবি-৫২ বিয়ানীবজাৰ বেটেলিয়নৰ অধিনায়ক লেফটেনেণ্ট কৰ্ণেল আতাউৰ ৰহমান ছুজানে কয় যে বেয়া বতৰ আৰু পাহাৰীয়া ভূ-প্ৰকৃতিৰ সুযোগ লৈ বিএছএফে লোককেইজনক বাংলাদেশলৈ ঠেলি দিয়াৰ চেষ্টা চলাইছিল। কিন্তু বিজিবিৰ নিয়মীয়া টহলদাৰী দলৰ সতৰ্কতাৰ বাবেই সেই চেষ্টা বিফল হয় বুলি তেওঁ দাবী কৰে।

এই ঘটনাৰ পিছতে লাটু, পাল্লাথল আৰু ইয়াৰ আশে-পাশে থকা সীমান্ত অঞ্চলত বিজিবিৰ টহল আৰু চোৰাংচোৱা নজৰদাৰী অধিক বৃদ্ধি কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

অৱশ্যে লোককেইজনৰ পৰিচয়, নাগৰিকত্ব অথবা তেওঁলোকক সীমান্তলৈ অনাৰ পৰিস্থিতি সন্দৰ্ভত কোনো বিতং তথ্য প্ৰকাশ কৰা হোৱা নাই। সমগ্ৰ ঘটনাটো বিজিবিৰ অভিযোগৰ ভিত্তিতহে পোহৰলৈ আহিছে।