নতুন দিল্লী, ২১ নৱেম্বৰ: মাতৃৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। শনিবাৰে উত্তৰাখণ্ডৰ পৌড়ী গড়ৱাল জিলাৰ পৈতৃক গাঁও পঞ্চুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মাতৃ সাবিত্ৰী দেৱীক শেষ বিদায় জনায়। শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীক যথেষ্ট আৱেগিক হৈ পৰা দেখা যায়।

সামাজিক মাধ্যম 'এক্স'ত মাতৃৰ স্মৃতিত এক আৱেগিক বাৰ্তা প্ৰকাশ কৰি যোগী আদিত্যনাথে লিখে, “মাতৃৰ আঁচলৰ দৰে আশ্ৰয় নাই, মাতৃৰ দৰে সুৰক্ষা নাই, মাতৃৰ দৰে মৰম নাই।” মুখ্যমন্ত্ৰীগৰাকীয়ে মাতৃৰ নশ্বৰ দেহত কান্ধ দিয়াৰ উপৰি প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে।

৯১ বছৰীয়া সাবিত্ৰী দেৱীৰ শুকুৰবাৰে পুৱা প্ৰায় ১১ বজাত পঞ্চুৰ গাঁৱৰ নিজ বাসগৃহত দেহাৱসান ঘটে। সেই সময়ত যোগী আদিত্যনাথ লক্ষ্ণৌত চৰকাৰী কাৰ্যসূচীত ব্যস্ত আছিল। মাতৃবিয়োগৰ খবৰ পোৱাৰ পাছতো পূৰ্বনিৰ্ধাৰিত চৰকাৰী কাৰ্যসূচী সমাপ্ত কৰিহে তেওঁ উত্তৰাখণ্ডলৈ ৰাওনা হয়।

পঞ্চুৰত প্ৰাৰম্ভিক আনুষ্ঠানিকতা সম্পন্ন কৰাৰ পাছত সাবিত্ৰী দেৱীৰ নশ্বৰ দেহ শেষকৃত্যৰ বাবে হৰিদ্বাৰৰ চণ্ডীঘাটলৈ লৈ যোৱাৰ কথা। তাতে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব।

মাতৃৰ বিয়োগত গাঁওখনৰ লগতে সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। উত্তৰাখণ্ড বিজেপিৰ সভাপতি মহেন্দ্ৰ ভট্টয়ো সাবিত্ৰী দেৱীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। তেওঁ সাবিত্ৰী দেৱীক নিজৰ সন্তানসকলক সঠিক পথ দেখুওৱা এগৰাকী অসাধাৰণ মহিলা বুলি অভিহিত কৰে।