গুৱাহাটী, ৩ নৱেম্বৰ: কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক লক্ষ্য কৰি কটাক্ষ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। ‘মল্লিকাৰ্জুন খাৰ্গেৰ বাৰাণ্ডাতহে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ’ব পাৰিব’ বুলি মন্তব্য কৰি কংগ্ৰেছ নেতৃত্বক সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

লগতে লোকসভাত নৰেন্দ্ৰ মোদীয়েই প্ৰধানমন্ত্ৰী হৈ থাকিব বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

ৰাহুল গান্ধীক লৈ কটাক্ষ

ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী হোৱাৰ আকাংক্ষাক লক্ষ্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰকৃততে প্ৰধানমন্ত্ৰীৰ আসনত নৰেন্দ্ৰ মোদীয়েই অধিষ্ঠিত হৈ থাকিব।

মল্লিকাৰ্জুন খাৰ্গেৰ বাৰাণ্ডাতহে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ পাব বুলি কটাক্ষ কৰে তেওঁ।