গুৱাহাটী, ২ নৱেম্বৰ: সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ প্ৰচেষ্টা চলাব লাগে। কিন্তু এই প্ৰচেষ্টাত দলৰ আদৰ্শৰ সৈতে কোনো ধৰণৰ আপোচ কৰিব নালাগে। বিজেপিৰ কৰ্মীসকলক এই সতৰ্কবাণী দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অসম বিজেপিয়ে সংখ্যালঘু বসতিপ্ৰধান অঞ্চলসমূহত সাংগঠনিক উপস্থিতি ক্ৰমাৎ বৃদ্ধি কৰিছে। দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত কৰ্মীসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় যে, সাংগঠনিক সম্প্ৰসাৰণৰ নামত দলৰ আদৰ্শ বিসৰ্জন দিব নোৱাৰি।
তেওঁৰ মতে, উন্নয়নমূলক কামৰ প্ৰতি আস্থা বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ। কিন্তু সাংগঠনিক সম্প্ৰসাৰণৰ বাবে আদৰ্শগত স্থিতি সলনি কৰা উচিত নহয়।
মুখ্যমন্ত্ৰীয়ে লগতে দলৰ সাংগঠনিক কাম-কাজ আৰু নিৰ্বাচনী প্ৰস্তুতিৰ বিষয়েও আলোচনা কৰে। ৰাজ্যৰ বিভিন্ন অঞ্চলত দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।
আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতি, দলীয় সমন্বয় আৰু সাংগঠনিক কাৰ্যসূচী সন্দৰ্ভতো সভাত আলোচনা হয়।