শিলিগুৰি, ২২ নৱেম্বৰ: ছেভক-ৰংপো ৰে'ল প্ৰকল্পৰ কামত অংশীদাৰিত্ব দিয়াৰ নামত প্ৰায় ১ কোটি টকা প্ৰৱঞ্চনা কৰাৰ অভিযোগত পশ্চিমবংগৰ বিজেপি বিধায়ক নোমান ৰায়ৰ ঘনিষ্ঠ সহযোগী ৰিভা লামাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতাৰ পৰিয়ালৰ পৰা এই বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে তেওঁৰ বিৰুদ্ধে।

শনিবাৰে মাটিগাৰাৰ চিটি চেণ্টাৰ মলৰ পৰা মাটিগাৰা আৰক্ষীয়ে ৰিভা লামাক গ্ৰেপ্তাৰ কৰে। দেওবাৰে তেওঁক শিলিগুৰিৰ আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতে পাঁচ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।

অভিযোগ অনুসৰি, ২০২৪ চনত ৰিভা লামাই বিজেপি নেতা মানিক আৰোৰাৰ জ্যেষ্ঠ ভাতৃ শুভংকৰ আৰোৰাক ৰংপো ৰে'ল ষ্টেচন নিৰ্মাণৰ নিবিদাত অংশীদাৰ কৰাৰ প্ৰস্তাৱ দিছিল। ইয়াৰ বাবে শুভংকৰক হায়দৰাবাদৰ এটা প্ৰতিষ্ঠানৰ সৈতে চিনাকি কৰাই দিয়া হৈছিল। পৰৱৰ্তী সময়ত জমা ধন হিচাপে শুভংকৰ আৰোৰা, মানিক আৰোৰা আৰু তেওঁলোকৰ প্ৰয়াত মাতৃৰ বেংক একাউণ্টৰ পৰা প্ৰায় ১ কোটি টকা সংগ্ৰহ কৰা হয়।

কিন্তু পিছত ভুক্তভোগী পৰিয়ালটোৱে জানিব পাৰে যে কোনো অংশীদাৰিত্ব পঞ্জীয়ন কৰা হোৱা নাছিল আৰু ভুৱা নথি-পত্ৰৰ সহায়ত ধনখিনি হস্তগত কৰা হৈছিল। ধন ঘূৰাই বিচৰাত লামাই ভাবুকি দিয়াৰো অভিযোগ উত্থাপন হৈছে। আইনী জাননী প্ৰেৰণৰ পাছতো সঁহাৰি নোপোৱাত ১৮ নৱেম্বৰত শুভংকৰ আৰোৰাই শিলিগুৰি আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে।

বিধায়কৰ উপস্থিতিক লৈ ৰাজনৈতিক চৰ্চা

ৰিভা লামাক গ্ৰেপ্তাৰ কৰাৰ সময়ত দাৰ্জিলিঙৰ বিজেপি বিধায়ক নোমান ৰায় তেওঁৰ সৈতেই মলটোত বহি আছিল। বিধায়কগৰাকীয়ে আৰক্ষীৰ কামত বাধা দিয়াৰ চেষ্টা চলোৱাৰ লগতে লামাক ৰক্ষা কৰিবলৈ ফোন কৰা বুলি অভিযোগকাৰী পৰিয়ালে দাবী কৰিছে।

অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰি বিধায়ক নোমান ৰায়ে কয় যে লামা তেওঁৰ বিদ্যালয়ৰ দিনৰ বন্ধু আৰু ব্যক্তিগত কাৰণতহে দুয়ো মলত বহিছিল। আৰক্ষীয়ে লিখিত অভিযোগ দেখুওৱাৰ পিছত তেওঁ আৰক্ষীক নিয়ম অনুসৰি কাম কৰিবলৈ দিয়ে বুলি দাবী কৰি কয় যে তেওঁৰ ভাবমূৰ্তি নষ্ট কৰিবলৈহে এই বিষয়টোক ৰাজনৈতিক ৰূপ দিয়া হৈছে।

বিজেপি নেতা মানিক আৰোৰাই জনোৱা মতে, মাতৃৰ চিকিৎসাৰ বাবে বিদেশলৈ নিয়াৰ পৰিকল্পনা থকাৰ সময়তো লামাক ধন ঘূৰাই দিবলৈ কোৱা হৈছিল যদিও তেওঁ ঘূৰাই দিয়া নাছিল। এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, গোচৰটোৰ বিত্তীয় লেনদেনৰ নথি পৰীক্ষা কৰাৰ লগতে হায়দৰাবাদৰ কোম্পানীটো বা আন কোনো ব্যক্তি এই কাণ্ডৰ সৈতে জড়িত আছে নেকি, সেই বিষয়ে লামাক জেৰা চলাই থকা হৈছে।