গুৱাহাটী: ভাৰতীয় জনতা পাৰ্টিৰ অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে নিযুক্তি লাভ কৰিছে সাংসদ যোগেন মোহনে। দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পদাধিকাৰী আৰু কাৰ্যনিৰ্বাহক সদস্যৰ সালসলনিৰ অংশ হিচাপে তেওঁক এই গুৰুত্বপূৰ্ণ সাংগঠনিক দায়িত্ব প্ৰদান কৰা হৈছে। নতুন দিল্লীস্থিত বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা ২১ নৱেম্বৰত জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে এই নিযুক্তিৰ কথা ঘোষণা কৰা হয়। দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নিৰ্দেশ অনুসৰি এই নিযুক্তিসমূহ তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে।

যোগেন মোহনসহ মুঠ ৫ গৰাকী নেতাক বিজেপিৰ অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতিৰ দায়িত্ব দিয়া হৈছে। ইয়াৰ উপৰি মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, ৰাষ্ট্ৰীয় সম্পাদক, কোষাধ্যক্ষ, কাৰ্যালয় সম্পাদক, সহকাৰী কাৰ্যালয় সম্পাদক আৰু সংবাদ মাধ্যমৰ সমন্বয়কৰ পদতো নতুন নিযুক্তি ঘোষণা কৰা হয়।

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোগেন মোহনৰ লগতে নতুনকৈ দায়িত্ব লাভ কৰা সকলো নেতাক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নেতৃত্বত সংগঠন অধিক শক্তিশালী কৰি তোলাত এই নেতাসকলৰ অভিজ্ঞতাই সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।