নতুন দিল্লী: ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালে শনিবাৰে বিজেপিত যোগদান কৰে। দলত যোগদান কৰাৰ পিছতেই ক্ৰিকেটাৰগৰাকীক এক গুৰুত্বপূৰ্ণ সাংগঠনিক দায়িত্ব প্ৰদান কৰা হৈছে। চাহালক বিজেপিৰ অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বিশেষ আমন্ত্ৰিত সদস্য হিচাপে নিযুক্তি দিয়া হৈছে।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নিৰ্দেশত অ’বিচি মৰ্চাৰ নতুন বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যসকলক নিযুক্তি দিয়া হয়। ইয়াৰ অংশ হিচাপেই ক্ৰিকেটাৰ চাহালকো এই বিশেষ দায়িত্ব অৰ্পণ কৰা হৈছে। মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি অমৰপাল মৌৰ্যই সামাজিক মাধ্যম যোগে নিযুক্তি লাভ কৰা ব্যক্তিসকলৰ তালিকা প্ৰকাশ কৰি সকলোকে অভিনন্দন জনায়।

দলীয় দায়িত্ব লাভ কৰাৰ পিছত ক্ৰিকেটাৰ চাহালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি অমৰপাল মৌৰ্যক ধন্যবাদ জ্ঞাপন কৰে। বিজেপি পৰিয়ালত স্থান আৰু সন্মান দিয়াৰ বাবে তেওঁ কৃতজ্ঞতাও প্ৰকাশ কৰে।

বিজেপিৰ অ’বিচি মৰ্চাৰ এই নতুন সমিতিত অসমৰ যোগেন মোহনকো ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে দায়িত্ব দিয়া হৈছে। মোহনৰ উপৰিও ওড়িশাৰ মমতা মহন্ত, উত্তৰ প্ৰদেশৰ সংগমলাল গুপ্তা আৰু সংগীতা বলৱন্ত বিন্দ, মহাৰাষ্ট্ৰৰ বাবনৰাও ৰাৱজী চৌধুৰী, দিল্লীৰ সত প্ৰকাশ ৰাণা আৰু বিহাৰৰ অৰ্জুন সাহানীয়েও ৰাষ্ট্ৰীয় উপ-সভাপতিৰ দায়িত্ব লাভ কৰিছে।

আনহাতে দিল্লীৰ গজেন্দ্ৰ যাদৱ, কৰ্ণাটকৰ প্ৰমোদ মাধৱৰাজ আৰু ছত্তীশগড়ৰ ললিত চন্দ্ৰকাৰক অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে।