গুৱাহাটী: ড্ৰাগছ ছিণ্ডিকেটৰ পৰা সংগ্ৰহ কৰা ধনেৰে শাসকীয় বিজেপিৰ সাংগঠনিক কাম-কাজ চলোৱা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। শনিবাৰে গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত এক সংবাদমেলত কংগ্ৰেছ নেতাগৰাকীয়ে ৰাজ্য চৰকাৰৰ ড্ৰাগছবিৰোধী অভিযানৰ কাৰ্যকাৰিতাক লৈ তীব্ৰ প্ৰশ্ন উত্থাপন কৰে।

গৌৰৱ গগৈয়ে কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণৰ কথা ৰাজহুৱাভাৱে প্ৰকাশ কৰিলেও বাস্তৱত এই অবৈধ বেহাৰ পৰা শাসকীয় দল বিজেপিহে লাভান্বিত হৈছে। চৰকাৰে মাজে-সময়ে অভিযান চলাই একাংশ লোকক গ্ৰেপ্তাৰ কৰিলেও সমস্যাটোৰ মূল কাৰণসমূহৰ বিৰুদ্ধে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি তেওঁ মন্তব্য কৰে।

উজনি অসমত ড্ৰাগছ ছিণ্ডিকেটৰ নিয়ন্ত্ৰণক লৈ বিজেপিৰ ভিতৰচৰাত ক্ষমতাৰ সংঘাত চলি থকা বুলিও অভিযোগ কৰে সাংসদগৰাকীয়ে। আৰক্ষীয়ে অভিযান চলোৱাৰ পাছতো ছিণ্ডিকেটৰ সৈতে জড়িত বহু সন্দেহযুক্ত লোক মুকলি হৈ অহাৰ উদাহৰণ দাঙি ধৰি তেওঁ শাসকীয় দলৰ বিভিন্ন গোটৰ মাজত চলি থকা সংঘাতৰ কথা উল্লেখ কৰে।

মণিপুৰৰ এটা প্ৰসংগ উল্লেখ কৰি গগৈয়ে দাবী কৰে যে এগৰাকী আৰক্ষী বিষয়াৰ ভাষ্য অনুসৰি, ড্ৰাগছ ছিণ্ডিকেটত জড়িত থকাৰ অভিযোগত ধৰা পৰা লোককো মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ফোন যোৱাৰ পিছত এৰি দিয়া হৈছিল। তদুপৰি একাংশ বিজেপি নেতাৰ ড্ৰাগছ সম্পৰ্কীয় কাৰ্যকলাপৰ সৈতে সম্পৰ্ক থকাৰ কথাও তেওঁ সংবাদমেলত দাবী কৰে।

ড্ৰাগছ আসক্তিৰ পৰা যুৱ প্ৰজন্মক বচাবলৈ আৰু সজাগতা সৃষ্টিৰ বাবে ছাত্ৰ সংগঠন এনএছইউআইয়ে সমগ্ৰ ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব বুলি গৌৰৱ গগৈয়ে ঘোষণা কৰে। ইয়াৰ উপৰি চিকিৎসক, পুনৰ্বাসন বিশেষজ্ঞ আৰু আৰক্ষী-প্ৰশাসনৰ পৰামৰ্শ লৈ ড্ৰাগছ আসক্তসকলৰ বাবে এখন বাস্তৱসন্মত পুনৰ্বাসন নীতি প্ৰস্তুত কৰিবলৈ তেওঁ চৰকাৰক আহ্বান জনায়।

সংবাদমেলত কাজিৰঙাৰ ৰঙাজানত শেহতীয়াকৈ সংঘটিত পথ দুৰ্ঘটনাক লৈও ক্ষোভ প্ৰকাশ কৰে সাংসদগৰাকীয়ে। কহৰাত আৰক্ষী চকী থকাৰ পিছতো অঞ্চলটোত চিকিৎসক নথকাৰ বিষয়টো উত্থাপন কৰি তেওঁ কয় যে উন্নত জৰুৰীকালীন চিকিৎসাৰ ব্যৱস্থা থকা হ'লে হয়তো বহু লোকৰ প্ৰাণ ৰক্ষা পৰিলহেঁতেন। স্বাস্থ্য বিভাগৰ দুৰ্নীতি ঢাকিবলৈ মুখ্যমন্ত্ৰীয়ে পৰিবহণ বিভাগৰ ওপৰত দোষ জাপি দিয়া বুলিও তেওঁ অভিযোগ কৰে।

উক্ত সংবাদমেলত অসম বিধানসভাৰ বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰী আৰু অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ সভাপতি দীপ বায়েনো উপস্থিত থাকে।