গুৱাহাটী, ২৮ অক্টোবৰঃ গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাৰ অভিযুক্ত ঘনকান্ত গগৈৰ সুৰক্ষা আৰু আইনী অধিকাৰ নিশ্চিত কৰিবলৈ আদালতে আৰক্ষীক কেইবাটাও নিৰ্দেশ দিছে।

আদালতৰ নিৰ্দেশ অনুসৰি, আৰক্ষীৰ জিম্মাত থকা অৱস্থাত অভিযুক্তৰ ওপৰত যাতে কোনো ধৰণৰ নিৰ্যাতন চলোৱা নহয়, সেয়া নিশ্চিত কৰিব লাগিব। স্বাস্থ্য পৰীক্ষা বা আদালতলৈ নিয়াৰ বাবে তেওঁক আৰক্ষী থানাৰ পৰা বাহিৰলৈ উলিয়াই নিয়াৰ সময়ত DSP পৰ্যায়ৰ বিষয়াৰ উপস্থিতি থাকিব লাগিব।

ইয়াৰ উপৰি, সূৰ্যাস্তৰ পিছত আৰু সূৰ্যোদয়ৰ আগতে অভিযুক্তক বাহিৰলৈ উলিওৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অভিযুক্তক প্ৰয়োজনীয় খাদ্য আৰু মৌলিক সামগ্ৰী যোগান ধৰাৰ লগতে প্ৰতি ২৪ ঘণ্টাৰ মূৰে মূৰে স্বাস্থ্য পৰীক্ষা কৰাৰো নিৰ্দেশ দিয়া হৈছে।

আদালতৰ এই নিৰ্দেশৰ মূল উদ্দেশ্য হৈছে অভিযুক্তৰ জীৱন আৰু আইনী অধিকাৰ সুৰক্ষিত ৰখা আৰু তদন্ত তথা বিচাৰ প্ৰক্ৰিয়া আইন অনুসৰি আগবঢ়োৱা। ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদে প্ৰতিজন ব্যক্তিৰ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ সুৰক্ষিত কৰে।

উল্লেখ্য যে, হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত পাঁচগৰাকী লোকৰ মৃত্যু হৈছিল। এই ঘটনাৰ তদন্তৰ বাবে আৰক্ষীয়ে ঘনকান্ত গগৈক গ্ৰেপ্তাৰ কৰি সাত দিনৰ আৰক্ষী জিম্মালৈ লৈছিল। ঘটনাটোৰ তদন্ত অব্যাহত আছে।