বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই নেহা বৰাৰ বক্তব্যক লৈ তীব্ৰ সমালোচনা কৰিছে। বাংলাদেশত ক্ষমতা পৰিৱৰ্তন আৰু অশান্তিৰ সময়ত হিন্দু মহিলাসকলৰ ওপৰত যৌন নিৰ্যাতন আৰু হিন্দুসকলক হত্যা কৰা হৈছিল বুলি উল্লেখ কৰি তেওঁ অভিযোগ তোলে যে নেহা বৰাই নিজৰ বক্তব্যৰ জৰিয়তে সকলো পুৰোহিতক অপমান কৰিছে।

ভাটিয়াই কয়, এয়া নেহা বৰাৰ বিষাক্ত চিন্তাধাৰা হ'ব পাৰে। কিন্তু ইতিহাসে সাক্ষ্য দিয়ে যে হিন্দুসকল সহিষ্ণু আৰু সমাজসেৱী।

পুৰোহিতসকলে সমাজৰ সেৱা কৰাৰ লগতে কণমানি ছোৱালীসকলক পঢ়ুৱায় আৰু তেওঁলোকক লালন-পালন কৰে বুলি তেওঁ কয়। এয়াই আমাৰ সংস্কৃতি বুলি মন্তব্য কৰে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে।

বাংলাদেশৰ পৰা প্ৰেৰণা লোৱা অশান্তিকাৰীসকলে আমাৰ সংস্কৃতিৰ বিষয়ে কি জানে বুলি প্ৰশ্ন তোলে ভাটিয়াই। নেহা বৰাৰ সাহস থাকিলে মছজিদ আৰু মাদ্ৰাছাত থকা মৌলৱীসকলে মুছলমান ছোৱালীসকলৰ ওপৰত যৌন নিৰ্যাতন চলায় বুলি কওক বুলি তেওঁ প্ৰত্যাহ্বান জনায়। তেওঁ কয় যে নেহা বৰাই তেনে কথা নক'ব। এই বাছনি কৰা ক্ষোভ বিপজ্জনক বুলি মন্তব্য কৰে তেওঁ।