তুন দিল্লী, ৩ নৱেম্বৰ: দিল্লীৰ কৃষি ভৱন চৌহদত থকা শতিকা পুৰণি কদিমি মছজিদ আঁতৰোৱাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় ভিষ্টা পুনৰ্নিৰ্মাণ প্ৰকল্পৰ বাবে কৃষি ভৱন আৰু শাস্ত্ৰী ভৱন ভাঙি নতুন চৰকাৰী ভৱন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। এই প্ৰকল্পৰ বাবে মছজিদটো আঁতৰাব লাগিব বুলি দিল্লী উচ্চ ন্যায়ালয়ক জনাইছে কেন্দ্ৰই।

কেন্দ্ৰীয় চৰকাৰে আদালতত যুক্তি দিছে যে কৃষি ভৱন আৰু কেন্দ্ৰীয় সচিবালয় চৰকাৰী প্ৰশাসনিক কাম-কাজৰ বাবে নিৰ্ধাৰিত ধৰ্মনিৰপেক্ষ স্থান। সেয়েহে চৰকাৰী কাৰ্যালয়ৰ চৌহদত স্থায়ী ধৰ্মীয় উপাসনাস্থলী ৰখাটো চৰকাৰী সম্পত্তিৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয়।

সোমবাৰে শুনানিৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰক প্ৰশ্ন কৰে—চৰকাৰী চৌহদত ধৰ্মীয় উপাসনাস্থলী ৰখাত বাধা দিয়া কোনো নিৰ্দিষ্ট নিয়ম আছে নেকি? ন্যায়াধীশ অনীশ দয়ালে বিকল্প উপাসনাস্থলী প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ নীতি-নিয়মৰ বিষয়েও জানিব বিচাৰে।

আদালতে কয়, চৰকাৰী চৌহদত কোনো ধৰ্মীয় সম্প্ৰদায়ৰ বাবে প্ৰাৰ্থনাৰ স্থান ৰখাত নিষেধাজ্ঞা থকা বুলি চৰকাৰে দাবী কৰিলে, তাৰ সমৰ্থনত নিৰ্দিষ্ট নিয়ম থাকিব লাগিব। অৱশ্যে এয়া আদালতৰ পৰ্যবেক্ষণহে, মছজিদ আঁতৰোৱাৰ চূড়ান্ত নিৰ্দেশ নহয়।

কদিমি মছজিদ পৰিচালনা সমিতিয়ে ছেপ্টেম্বৰ মাহত মছজিদটো ভাঙি পেলোৱাৰ আশংকা প্ৰকাশ কৰি আদালতৰ কাষ চাপিছিল। সমিতিয়ে কেন্দ্ৰীয় লোকনিৰ্মাণ বিভাগ (CPWD) আৰু নতুন দিল্লী পৌৰ পৰিষদক (NDMC) মছজিদটো ভাঙিবলৈ বা আঁতৰাবলৈ বাধা দিবলৈ আবেদন জনাইছে। বৰ্তমানৰ স্থানত মছজিদটো ৰখা সম্ভৱ নহ’লে ওচৰতে পৰ্যাপ্ত বিকল্প উপাসনাস্থলী প্ৰদানৰো দাবী জনাইছে সমিতিয়ে।

সমিতিৰ মতে, স্বাধীনতাৰ পাছৰ পৰাই কৃষি ভৱন আৰু ওচৰৰ কেন্দ্ৰীয় চৰকাৰী কাৰ্যালয়সমূহৰ কৰ্মচাৰীয়ে এই মছজিদত নামাজ আদায় কৰি আহিছে। ১৯৪০ চনৰ এক চুক্তিৰ জৰিয়তে প্ৰশাসনে জামা মছজিদ পৰিচালনা সমিতিক এই স্থান মছজিদ হিচাপে ব্যৱহাৰৰ অনুমতি দিছিল।

আনহাতে, কেন্দ্ৰীয় চৰকাৰে আদালতক জনাইছে যে ইণ্ডিয়া গেটৰ ওচৰত থকা শ্বাহী মছজিদ জবতা গঞ্জ কৃষি ভৱনৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰত অৱস্থিত। সেয়েহে নামাজ আদায়ৰ বাবে ওচৰতে আন এটা মছজিদ উপলব্ধ বুলি চৰকাৰে যুক্তি দিছে।

কেন্দ্ৰৰ বক্তব্যৰ উত্তৰ দিবলৈ মছজিদ পৰিচালনা সমিতিক সময় দিছে আদালতে। গোচৰটোৰ পৰৱৰ্তী শুনানি ২৩ নৱেম্বৰত অনুষ্ঠিত হ’ব।