২৪ নৱেম্বৰ, ২০২৬
আগন্তুক ৫ বছৰত অসম আৰক্ষীত হ'ব ২০ হাজাৰ নতুন নিযুক্তি' ।'অহা ১ ফেব্ৰুৱাৰীৰ পৰা অসম আৰক্ষীৰ ৫,৭৭৪টা পদৰ বাবে আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া'। 'শীঘ্ৰে মুকলি হ'ব অসম আৰক্ষীত নতুন পদৰ বিজ্ঞাপন, গঠন হ'ব নতুন বেটেলিয়নৰ'।
অহা পাঁচ বছৰত অসম আৰক্ষীত ২০ হাজাৰতকৈ অধিক নতুন নিযুক্তি প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লাচিত বৰফুকন আৰক্ষী একাডেমীৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবে আৰক্ষী বিভাগত এই নতুন সুযোগ সৃষ্টিৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি, অহা ১ ফেব্ৰুৱাৰীৰ পৰা অসম আৰক্ষীৰ ৫,৭৭৬টা পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইয়াৰ ভিতৰত অসম আৰক্ষীৰ ২,২৩৬টা, এপিআৰঅ'ৰ ৬৮৪টা, অগ্নি নিৰ্বাপক বাহিনীৰ ৪৯০টা, বন বিভাগৰ ১৩টা, গৃহৰক্ষী বাহিনীৰ ১,০০৭টা, কাৰাগাৰ বিভাগৰ ১৯১টা আৰু অন্যান্য বিভাগৰ ৮২৭টা পদ অন্তৰ্ভুক্ত কৰা হৈছে।
ইয়াৰ উপৰি আৰক্ষী বিভাগত অতি শীঘ্ৰে আন এটা নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশৰ প্ৰস্তুতি চলোৱা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। প্ৰায় ১,০০০ যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিব পৰাকৈ এটা নতুন আৰক্ষী বেটেলিয়ন আৰু আন এটা এছডিআৰএফ বেটেলিয়ন গঠনৰ পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ ঘোষণা কৰে।
আনহাতে ৰাজ্যৰ যুৱক-যুৱতীসকলে যাতে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীত নিযুক্তিৰ সুযোগ লাভ কৰিব পাৰে, তাৰ বাবে অসমতে চিআৰপিএফ আৰু চিআইএছএফৰ দুটা নতুন নিযুক্তি পৰীক্ষা কেন্দ্ৰ স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই কেন্দ্ৰ স্থাপনৰ বাবে ইতিমধ্যে ধেমাজি জিলাত ভূমি চিনাক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।