৩ নৱেম্বৰ: সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ২০২৬ চনৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে। সেই অনুসৰি, পৰিষদৰ ৩২টা সমষ্টিতে অহা ৩০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৩ ডিচেম্বৰত হ’ব ভোটগণনা।
নিৰ্বাচনৰ অধিসূচনা ৩ নৱেম্বৰত জাৰি কৰা হৈছে। প্ৰাৰ্থিত্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন ১০ নৱেম্বৰ। ১২ নৱেম্বৰত মনোনয়ন-পত্ৰ পৰীক্ষা কৰা হ’ব। প্ৰাৰ্থীয়ে ১৬ নৱেম্বৰলৈ মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। সেইদিনাই চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব।
৩০ নৱেম্বৰত পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ চলিব। প্ৰয়োজন হ’লে ১ ডিচেম্বৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব। ৩ ডিচেম্বৰত পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব। সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া ৫ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
এই নিৰ্বাচনত মুঠ ১,৬৩,৯৬৬ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে ৭৯,২৯৫ গৰাকী পুৰুষ, ৮৪,৬৬৭ গৰাকী মহিলা আৰু চাৰি গৰাকী তৃতীয় লিংগৰ ভোটাৰ। ৩২টা সমষ্টিৰ বাবে মুঠ ৩৩৭টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে।
নিৰ্বাচন আয়োগে প্ৰতিগৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ৰ সৰ্বোচ্চ সীমা ২ লাখ টকা নিৰ্ধাৰণ কৰিছে। এই নিৰ্বাচনৰ জৰিয়তে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পৰৱৰ্তী কাৰ্যকালৰ প্ৰতিনিধি নিৰ্বাচিত হ’ব।