৩ নৱেম্বৰ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ কৰিছে অসম BJPৰ বিধায়ক দিলীপ ৰঞ্জন শৰ্মাই। ৰাহুল গান্ধীক ‘BJPৰ সম্পদ’ বুলি অভিহিত কৰি বিধায়কগৰাকীয়ে দাবী কৰে যে কংগ্ৰেছ নেতাগৰাকীৰ শেহতীয়া ৰাজহুৱা ভাষণে BJPক ৰাজনৈতিকভাৱে লাভান্বিত কৰিছে।
গুৱাহাটীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শৰ্মাই ৰাহুল গান্ধীক ‘ৰাহুল ফ্ৰাষ্ট্ৰেটেড গান্ধী’ বুলি কটাক্ষ কৰে। তেওঁৰ দাবী, ৰাহুল গান্ধীয়ে য’তেই সভা-সমিতিত ভাষণ দিয়ে, তাতেই BJPৰ সমৰ্থন বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে।
ৰাহুল গান্ধীৰ মানসিক অৱস্থাক লৈও বিতৰ্কিত মন্তব্য কৰে বিজেপি বিধায়কগৰাকীয়ে। তেওঁ ৰাহুল গান্ধীক মানসিক স্বাস্থ্যৰ চিকিৎসাৰ প্ৰয়োজন বুলিও মন্তব্য কৰে।
INDIA ব্লকৰ এখন সভাত ৰাহুল গান্ধীয়ে দিয়া ভাষণক কেন্দ্ৰ কৰি BJP আৰু কংগ্ৰেছৰ মাজত চলি থকা ৰাজনৈতিক বাকযুদ্ধৰ মাজতে এই মন্তব্য কৰিছে শৰ্মাই।
ইফালে, BJPৰ অসম ৰাজ্যিক কোৰ কমিটীৰ বৈঠক সন্দৰ্ভতো মন্তব্য কৰে বিধায়কগৰাকীয়ে। তেওঁ কয় যে প্ৰতি এমাহ বা দুমাহৰ মূৰে মূৰে অনুষ্ঠিত হোৱা এই বৈঠকত দলৰ সাংগঠনিক শক্তি, বিগত তিনিমাহৰ কাৰ্যকলাপ আৰু আগন্তুক দিনৰ ৰাজনৈতিক ৰণনীতিৰ পৰ্যালোচনা কৰা হ’ব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি দলৰ জ্যেষ্ঠ নেতাসকলে আগন্তুক তিনিমাহৰ কাৰ্যসূচী আৰু ৰাজ্য তথা দেশৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত দিহা-পৰামৰ্শ আগবঢ়াব বুলিও তেওঁ জানিবলৈ দিয়ে।