নতুন দিল্লী, ২৫ নৱেম্বৰ: পাছপ’ৰ্টত উল্লেখ কৰা জন্মস্থানৰ তথ্যক লৈ ককৰোচ জনতা পাৰ্টি (চিজেপি)-ৰ সহ-সমন্বয়ক সৌৰভ দাসলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। চেন্নাইৰ আঞ্চলিক পাছপ’ৰ্ট কাৰ্যালয়ে জাৰি কৰা এই জাননীৰ জৰিয়তে দাসক ৭ দিনৰ ভিতৰত নিজৰ জন্মস্থান সম্পৰ্কীয় তথ্য স্পষ্ট কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই বিষয়ে অৱগত কৰি জনায় যে উত্তৰ লাভ নকৰালৈকে সৌৰভ দাসক পাছপ’ৰ্টখন ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

ইয়াৰ পূৰ্বে দিল্লী বিমানবন্দৰত সৌৰভ দাসক লণ্ডন অভিমুখী এখন বিমানত উঠিবলৈ বাধা দিয়া বুলি তেওঁ অভিযোগ উত্থাপন কৰিছিল। এই ঘটনাৰ পাছতে তেওঁৰ পাছপ’ৰ্টত থকা জন্মস্থানৰ তথ্যক লৈ প্ৰশ্ন উত্থাপন হয়।

জাননীৰ উত্তৰ দিয়াৰ বাবে দাসক ৭ দিনৰ সময়সীমা বান্ধি দিয়া হৈছে। তেওঁৰ উত্তৰৰ ওপৰত ভিত্তি কৰিয়েই পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে। এই পৰ্যন্ত জাননীখনৰ সন্দৰ্ভত সৌৰভ দাসে কোনো প্ৰতিক্ৰিয়া কৰা নাই।