নতুন দিল্লী, ২৫ নৱেম্বৰ: ছট পূজাৰ সময়ত বিহাৰৰ মহিলাসকলে কপালত দীঘলকৈ সেন্দূৰ লোৱা পৰম্পৰাক লৈ অশালীন মন্তব্য কৰি তীব্ৰ বিতৰ্কত সোমাই পৰিছে ষ্টেণ্ড-আপ কমেডিয়ান যশ মাহেশ্বৰী। সামাজিক মাধ্যমত এই মন্তব্যক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত পাটনা আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে এখন এজাহাৰ ৰুজু কৰিছে। নিজৰ ইউটিউব চেনেলত প্ৰকাশ কৰা ‘মৰেলি কুৱেচনেবল’ শীৰ্ষক এটা ষ্টেণ্ড-আপ কমেডী ভিডিঅ’ত যশ মাহেশ্বৰীয়ে এই আপত্তিজনক মন্তব্য কৰা দেখা গৈছিল। ভিডিঅ’টোত ছট পূজাৰ সময়ত মহিলাসকলে নাকৰ পৰা কপাললৈ দীঘলকৈ সেন্দূৰ লোৱা পৰম্পৰাক পুৰুষৰ গোপন অংগৰ সৈতে তুলনা কৰাৰ অভিযোগ উঠিছে। ইয়াৰ উপৰিও বিহাৰত মহিলাৰ ওপৰত হোৱা নিৰ্যাতন আৰু আক্ৰমণক লৈও তেওঁ ঠাট্টা-মস্কৰা কৰা বুলি জানিব পৰা গৈছে।

ভিডিঅ’টোৰ অংশবিশেষ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে বিভিন্ন মহলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়। বহু লোকে এই মন্তব্যক বিহাৰৰ মহিলা আৰু ছট পূজাৰ পৱিত্ৰ পৰম্পৰাৰ প্ৰতি অপমানজনক বুলি অভিহিত কৰি কমেডিয়ানজনৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থাৰ দাবী জনায়।

পাটনা আৰক্ষীয়ে জনোৱা মতে, এনে আপত্তিজনক মন্তব্যই সমাজৰ শান্তি বিনষ্ট কৰাৰ লগতে উত্তেজনা সৃষ্টি কৰাৰ আশংকা আছে। বিষয়টোক গুৰুত্বসহকাৰে লৈ পাটনা চাইবাৰ আৰক্ষী থানাত এজাহাৰ ৰুজু কৰি ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে।

বিতৰ্কৰ সৃষ্টি হোৱাৰ পাছতে যশ মাহেশ্বৰীয়ে ক্ষমা প্ৰাৰ্থনা কৰি কয় যে কোনো ধৰ্মীয় অনুভূতি, উৎসৱ বা ব্যক্তিৰ অনুভূতিত আঘাত সনাৰ উদ্দেশ্য তেওঁৰ নাছিল। অৱশ্যে তেওঁ ক্ষমা বিচৰাৰ পাছতো এই বিতৰ্ক শাম কটা নাই।

ৰাজস্থানৰ জয়পুৰৰ বাসিন্দা যশ মাহেশ্বৰী বৰ্তমান দিল্লী-এনচিআৰৰ কমেডী জগতৰ সৈতে জড়িত। ‘অলমষ্ট যশ’ নামৰ ইউটিউব চেনেলৰ জৰিয়তে তেওঁ প্ৰধানকৈ প্ৰাপ্তবয়স্কসকলৰ বাবে নিৰ্মিত ডাৰ্ক কমেডী পৰিৱেশন কৰে। ইফালে, বিতৰ্কৰ মাজতে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টটোও উপলব্ধ নোহোৱা হৈ পৰিছে। তেওঁ একাউণ্টটো নিজে নিষ্ক্ৰিয় কৰিছে নে স্থগিত কৰা হৈছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।