গুৱাহাটী, ২৫ নৱেম্বৰ: প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি অহা ২৮ নৱেম্বৰত জুবিন ক্ষেত্ৰত এক বৃহৎ গণসমাবেশৰ আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে। সেইদিনা পুৱা ১১ বজাৰ পৰা এই গণসমাবেশ অনুষ্ঠিত হ'ব।
অহা ৩০ নৱেম্বৰত সৰ্বোচ্চ ন্যায়ালয়ত এই গোচৰৰ অভিযুক্তসকলৰ জামিন সম্পৰ্কীয় শুনানি অনুষ্ঠিত হোৱাৰ কথা আছে। উক্ত শুনানিৰ পূৰ্বে ন্যায়ৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি জনমত শক্তিশালী কৰাই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য বুলি বিধায়কগৰাকীয়ে প্ৰকাশ কৰে।
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত আৰু আদালতত দাখিল কৰা চাৰ্জশ্বীটৰ বিভিন্ন দিশত অধিক স্পষ্টতা আৰু কঠোৰতাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি বিধায়ক অখিল গগৈয়ে তিনিটা বিশেষ দাবী উত্থাপন কৰে।
বিধায়কগৰাকীয়ে উত্থাপন কৰা দাবীসমূহ হ'ল— ইতিমধ্যে জামিন লাভ কৰা অভিযুক্তসকলৰ জামিন বাতিলৰ ব্যৱস্থা কৰা, জামিন বিচাৰি আবেদন কৰা অভিযুক্তসকলে যাতে জামিন নাপায় তাৰ বাবে শক্তিশালী আইনী পদক্ষেপ গ্ৰহণ কৰা আৰু তদন্তত কোনো ত্ৰুটি বা অসম্পূৰ্ণতা থাকিলে পুনৰ তদন্ত কৰি অতিৰিক্ত চাৰ্জশ্বীট দাখিল কৰা।
জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ এই আন্দোলন কোনো এটা ৰাজনৈতিক দলৰ একক আন্দোলন হ'ব নালাগে বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে এই সংগ্ৰাম সমগ্ৰ অসমবাসীৰ এক সামূহিক আন্দোলন হোৱা উচিত।
সেইবাবেই অহা ২৮ নৱেম্বৰৰ গণসমাবেশত ৰাজ্যৰ শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী, জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্য, গুণমুগ্ধ অনুৰাগী আৰু সকলো শ্ৰেণীৰ ৰাইজক উপস্থিত থাকিবলৈ বিধায়কগৰাকীয়ে আহ্বান জনায়।