মৈৰাবাৰী, ২৫ নৱেম্বৰঃ মৈৰাবাৰীত আৰক্ষীৰ অভিযানত দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত থকা কাৰিজুল ইছলাম নামৰ এজন লোকক আটক কৰা হৈছে। মৈৰাবাৰী আৰক্ষী থানাত ৰুজু হৈ থকা ৮২/২৬ নম্বৰৰ গোচৰৰ ভিত্তিত তেওঁক আটক কৰা বুলি জানিব পৰা গৈছে।

আটকাধীন কাৰিজুল ইছলামৰ ঘৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত লোচনাবৰী গাঁৱত। দীৰ্ঘদিন ধৰি পলাতক হৈ থকা কাৰিজুলক মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিকুঞ্জ বৰ্মনৰ নেতৃত্বত চলোৱা এক অভিযানত আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।

ইতিমধ্যে আৰক্ষীয়ে কাৰিজুল ইছলামক আদালতত হাজিৰ কৰোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে তেওঁৰ বিৰুদ্ধে থকা নিৰ্দিষ্ট অভিযোগ বা গোচৰটোৰ বিস্তৃত তথ্য বৰ্তমান জানিব পৰা হোৱা নাই।