নতুন দিল্লী, ২৫ নৱেম্বৰ: ভাৰতসহ কেইবাখনো দেশৰ পৰা আমেৰিকালৈ আমদানি কৰা সামগ্ৰীৰ ওপৰত ২৫ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ প্ৰস্তাৱ আগবঢ়াইছে আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিৰ কাৰ্যালয়ে (ইউএছটিআৰ)। ইয়াৰ বিপৰীতে চীনৰ পৰা আমদানি হোৱা সামগ্ৰীৰ ক্ষেত্ৰত সৰ্বোচ্চ ৪০ শতাংশ পৰ্যন্ত শুল্ক নিৰ্ধাৰণৰ পৰিকল্পনা কৰা হৈছে। প্ৰস্তাৱ অনুসৰি ভাৰতৰ উপৰি কম্বোডিয়া, ইণ্ডোনেছিয়া, দক্ষিণ কোৰিয়া, মালয়েছিয়া, টাইৱান আৰু থাইলেণ্ডৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ২৫ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰাৰ কথা বিবেচনা কৰা হৈছে। বৃহৎ বাণিজ্যিক অংশীদাৰ দেশসমূহৰ পৰা আমেৰিকাত অতিৰিক্ত ঔদ্যোগিক উৎপাদন ক্ষমতা সৃষ্টি হোৱাত বাধা দিয়াৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণৰ প্ৰস্তাৱ দিয়া হৈছে।

আনহাতে বাংলাদেশ, ইউৰোপীয় সংঘ, জাপান, ছুইজাৰলেণ্ড আৰু ছিংগাপুৰৰ বাবে ২০ শতাংশ পৰ্যন্ত শুল্কৰ প্ৰস্তাৱ ৰখা হৈছে। একেদৰে ভিয়েটনামৰ বাবে এই হাৰ ৩৫ শতাংশ আৰু চীনৰ বাবে ৪০ শতাংশ পৰ্যন্ত নিৰ্ধাৰণৰ কথা কোৱা হৈছে। চীনৰ ক্ষেত্ৰত বৰ্তমান বাহাল থকা শুল্কৰ ওপৰত অতিৰিক্ত ২০ শতাংশ শুল্ক আৰোপৰ ব্যৱস্থা কৰা হৈছে।

প্ৰস্তাৱিত শুল্কৰ হাৰৰ ক্ষেত্ৰত দেশভেদে বিশেষ সীমাও নিৰ্ধাৰণ কৰা হৈছে। কম্বোডিয়া, ইণ্ডোনেছিয়া, মালয়েছিয়া, থাইলেণ্ড আৰু বাংলাদেশৰ বাবে শুল্কৰ হাৰ সৰ্বাধিক ১৮ শতাংশত সীমাবদ্ধ ৰখাৰ কথা উল্লেখ কৰা হৈছে। দক্ষিণ কোৰিয়া, টাইৱান, ইউৰোপীয় সংঘ, জাপান আৰু ছুইজাৰলেণ্ডৰ ক্ষেত্ৰত ম’ষ্ট ফেভাৰ্ড নেচন (এমএফএন) শুল্কৰ বাহিৰে এই হাৰ ১৫ শতাংশ হ'ব বুলি প্ৰস্তাৱত স্পষ্ট কৰা হৈছে। ব্ৰাজিলৰ ক্ষেত্ৰত প্ৰস্তাৱিত শুল্ক পৰিৱৰ্তন সম্পৰ্কে ২০২৭ চনৰ ১৪ জানুৱাৰীত এক শুনানি অনুষ্ঠিত হ'ব। সমগ্ৰ ব্যৱস্থাটো এতিয়াও প্ৰস্তাৱিত পৰ্যায়তে থকাৰ বাবে ইয়াৰ চূড়ান্ত ৰূপ আৰু কাৰ্যকৰীকৰণৰ সময়সীমা পৰৱৰ্তী সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব।