২৬ নৱেম্বৰ , ২০২৬

গুৱাহাটীৰ বশিষ্ঠত প্ৰায় ১৫ লাখ টকাৰ জালনোটসহ দুজনক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ ।খানাপাৰা আৰু হাতীগাঁৱৰৰ কেৰাকুছিত আৰক্ষীয়ে পৃথক পৃথক অভিযান চলাই জব্দ কৰে জালনোটখিনি ।গ্ৰেপ্তাৰ কৰা লোক দুজন বকোৰ বুদ্দুছ আলি ওৰফে সমীৰ আৰু আজিবুৰ ৰহমান।

গুৱাহাটী মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে দুটা পৃথক স্থানত অভিযান চলাই ১৪ লাখ ৮০ হাজাৰ টকাৰ মূল্যৰ জাল ভাৰতীয় নোট জব্দ কৰাৰ লগতে ঘটনা সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।

এক গোপন সূত্ৰৰ পম খেদি বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিদৰ্শক কপিল পাঠকৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে মহানগৰীৰ খনাপাৰা আৰু হাতীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কেৰাকুছিত এই অভিযান চলায়।

অভিযানকালত ধৃত ব্যক্তি দুজনক কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত চমৰীয়াৰ সৰ্বণকাটি গাঁৱৰ বুদ্ধুছ আলী ওৰফে সমীৰ (১৯) আৰু মাহতলীৰ বৰ সৰু আৰিকাটিৰ আজিবাৰ ৰহমান (২৭) বুলি চিনাক্ত কৰা হৈছে। দুয়ো বৰ্তমান হাতীগাঁও থানাৰ অন্তৰ্গত কেৰাকুছিত বসবাস কৰি আছিল।

আৰক্ষীয়ে অভিযুক্ত দুজনৰ জিম্মাৰ পৰা ৫০০ টকীয়া নোটৰ মুঠ ২,৯৬০ খন জাল নোট উদ্ধাৰ কৰে। ইয়াৰ উপৰিও আৰক্ষীৰ দলটোৱে দুটা মোবাইল ফোন, এখন মটৰচাইকেল, এটা লেপটপ আৰু এটা প্ৰিণ্টাৰ জব্দ কৰিবলৈ সক্ষম হয়।