গুৱাহাটী, ২৬ নৱেম্বৰ: পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে অসমে দ্বিতীয় স্থান লাভ কৰিছে। চেন্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্ট চমুকৈ চিএছইৰ ‘ষ্টেট অৱ ইণ্ডিয়াজ এনভাইৰনমেণ্ট ২০২৬’ শীৰ্ষক প্ৰতিবেদনত ৰাজ্যখনে এই স্থান লাভ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্সৰ জৰিয়তে এই কথা সদৰী কৰে।
প্ৰতিবেদনখনত মুঠ ১৬টা উপশ্ৰেণীৰ অধীনত ৪৮টা সূচকৰ ভিত্তিত দেশৰ ৰাজ্যসমূহৰ পৰিৱেশ সম্পৰ্কীয় কাম-কাজৰ বিশদ মূল্যায়ন কৰা হৈছে। এই মূল্যায়নত বনাঞ্চল আৰু জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ, আৱৰ্জনা ব্যৱস্থাপনা, জলবায়ু আৰু জলসম্পদ সংৰক্ষণৰ দৰে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় অন্তৰ্ভুক্ত কৰা হৈছিল।
মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, অসম চৰকাৰে ৰাজ্যখনত ইতিমধ্যে ১৮ হাজাৰ হেক্টৰতকৈও অধিক বনভূমি পুনৰুদ্ধাৰ কৰিছে। ইয়াৰ উপৰি সংৰক্ষিত বনাঞ্চলৰ পৰিসৰ বৃদ্ধি, বন্যপ্ৰাণী সংৰক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰা আৰু ব্যাপক বৃক্ষৰোপণৰ বাবে বিভিন্ন কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে।
অসমৰ বনাঞ্চল, নদ-নদী আৰু চহকী বন্যপ্ৰাণীক ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ প্ৰাকৃতিক সম্পদ হিচাপে অভিহিত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পৰিৱেশ সংৰক্ষণ আৰু সঠিক পৰিচালনাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ স্বীকৃতি হিচাপেই অসমে এই স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
চিএছইৰ মূল্যায়নত লাভ কৰা এই দ্বিতীয় স্থানক ৰাজ্যৰ পৰিৱেশ সংৰক্ষণ যাত্ৰাৰ বাবে এক ডাঙৰ সাফল্য হিচাপে গণ্য কৰা হৈছে।