গুৱাহাটী, ২৬ নৱেম্বৰ:

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰুষ বিষয়া-কৰ্মচাৰীৰ বাবে ১৪ দিনৰ পিতৃত্বকালীন ছুটী ঘোষণা।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যোগ্য পুৰুষ বিষয়া আৰু কৰ্মচাৰীসকলৰ বাবে ১৪ দিনৰ দৰমহাসহ পিতৃত্বকালীন ছুটীৰ ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে। মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰৰ অনুমোদন সাপেক্ষে ১৬ নৱেম্বৰত জাৰি কৰা এক অধিসূচনাৰ জৰিয়তে ন্যায়ালয়খনৰ স্থায়ী আৰু ঠিকাভিত্তিক পুৰুষ কৰ্মচাৰীসকলক এই সুবিধা প্ৰদান কৰা হয়।

এই নিয়ম গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৱাহাটীত অৱস্থিত মূল পীঠৰ বিষয়া আৰু কৰ্মচাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। অধিসূচনা অনুসৰি, দুটাতকৈ কম জীৱিত সন্তান থকা পুৰুষ কৰ্মচাৰীয়েহে এই সুবিধা লাভ কৰিব। আবেদন কৰাৰ সময়ত দুটা বা তাতকৈ অধিক জীৱিত সন্তান থকা কৰ্মচাৰী এই ছুটীৰ যোগ্য নহ'ব। এইক্ষেত্ৰত জৈৱিক আৰু আইনগতভাৱে দত্তক লোৱা দুয়োবিধ সন্তানকেই হিচাপত ধৰা হ'ব।

সন্তান জন্মৰ ১৪ দিন আগৰ পৰা সন্তান জন্মৰ ছমাহৰ ভিতৰত কৰ্মচাৰীসকলে এই ছুটী ল'ব পাৰিব। একেৰাহে ১৪ দিনৰ বাবে এবাৰতে এই ছুটী গ্ৰহণ কৰিব লাগিব আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত নোলোৱা ছুটীৰ সুবিধা বাতিল হ'ব। ছুটীৰ সময়ছোৱাত কৰ্মচাৰীগৰাকীয়ে ছুটীত যোৱাৰ ঠিক পূৰ্বে লাভ কৰা দৰমহাৰ সমপৰিমাণৰ ছুটীকালীন দৰমহা লাভ কৰিব। এই ছুটী কৰ্মচাৰীৰ জমা ছুটীৰ পৰা কৰ্তন কৰা নহয় আৰু নিয়ম অনুসৰি আন ছুটীৰ সৈতেও সংলগ্ন কৰিব পৰা যাব।

কেৱল সাধাৰণ প্ৰসৱৰ ক্ষেত্ৰতেই নহয়, দত্তক আৰু ছাৰোগেচিৰ জৰিয়তে পিতৃ হোৱা কৰ্মচাৰীসকলৰ বাবেও এই নিয়ম প্ৰযোজ্য হ'ব। এবছৰৰ তলৰ শিশুক আইনগতভাৱে দত্তক ল'লে বা প্ৰাক্-দত্তক পালক যত্নৰ দায়িত্ব গ্ৰহণ কৰিলেও ছমাহৰ ভিতৰত ১৪ দিনৰ ছুটী লাভ কৰিব পাৰিব। অৱশ্যে ইয়াৰ বাবে যাৱতীয় বৈধ নথি-পত্ৰ আৰু কাৰা (CARA), ছাৰা (SARA) বা আন স্বীকৃতিপ্ৰাপ্ত সংস্থাৰ অনুমোদন প্ৰয়োজন হ'ব। একেদৰে ছাৰোগেচিৰ ক্ষেত্ৰতো দুটাতকৈ কম জীৱিত সন্তান থকা কৰ্মচাৰীয়ে সন্তান জন্মৰ ছমাহৰ ভিতৰত এই সুবিধা পাব।

অধিসূচনা অনুসৰি, ইতিমধ্যে এটা জীৱিত সন্তান থকা কৰ্মচাৰীৰ যদি যমজ বা একাধিক সন্তান একেলগে জন্ম হয়, তেতিয়াও তেওঁ ১৪ দিনৰ ছুটী লাভ কৰিব। অননুমোদিত অনুপস্থিতি বা পূৰ্বে মঞ্জুৰ হোৱা ছুটীক পিছত কোনো কাৰণতে পিতৃত্বকালীন ছুটীলৈ ৰূপান্তৰ কৰিব পৰা নাযাব। উপযুক্ত কৰ্তৃপক্ষই যোগ্য কৰ্মচাৰীৰ এই ছুটী সাধাৰণতে নাকচ নকৰিব বুলিও অধিসূচনাত স্পষ্ট কৰা হৈছে।