শিৱসাগৰ, ২৬ নৱেম্বৰঃ ৰাজ্যজুৰি সদৌ অসম মটৰ পৰিবহণ সন্থাৰ লগতে বিভিন্ন বেচৰকাৰী পৰিবহণ সংগঠনে আহ্বান জনোৱা অনিৰ্দিষ্টকালীন চকা বন্ধৰ ব্যাপক প্ৰভাৱ পৰিছে শিৱসাগৰতো। বৃহস্পতিবাৰে পুৱাৰে পৰা চহৰখনৰ ৰাজপথত যান-বাহনৰ চলাচল প্ৰায় স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে।

পথ সুৰক্ষাৰ নামত চৰকাৰৰ দুমুখীয়া নীতি, SLD আৰু VLTD সঁজুলি সংস্থাপনৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন বিসংগতি আৰু ব্যাপক খেলিমেলিৰ প্ৰতিবাদত পৰিবহণ সংগঠনসমূহে এই চকা বন্ধৰ আহ্বান জনাইছে।

বন্ধৰ ফলত শিৱসাগৰৰ ৰাজপথত ব্যক্তিগত বাহন আৰু দুই-এখন বাণিজ্যিক বাহনৰ বাহিৰে আন বাহনৰ চলাচল প্ৰায় বন্ধ হৈ পৰিছে। সাধাৰণ দিনৰ তুলনাত ৰাজপথত বাহনৰ সংখ্যা যথেষ্ট কমি যোৱাত যাতায়াত ব্যৱস্থাত ব্যাপক প্ৰভাৱ পৰিছে।

ইফালে, চকা বন্ধৰ ফলত বহু দূৰণিবটীয়া যাত্ৰী যাত্ৰাপথতে আবদ্ধ হৈ পৰিছে। গন্তব্যস্থানলৈ যাবলৈ বাহন নোপোৱাত যাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছে।

পৰিবহণ সংগঠনসমূহৰ দাবী আৰু প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত আহ্বান জনোৱা এই বন্ধৰ ফলত শিৱসাগৰত স্বাভাৱিক যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। চৰকাৰৰ সৈতে পৰিবহণ সংগঠনসমূহৰ আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান হয় নে নহয়, সেয়া লক্ষণীয় হ’ব।