২৬ নৱেম্বৰ, ২০২৬

মহাকাশচাৰী মহম্মদ জিশ্বান আলীৰ বাবে মহাকাশলৈ এশবিধতকৈ অধিক হালাল খাদ্য।বাটাৰ চিকেন, বীফ নিহাৰী, লেম্ব কোর্মা, মছলাযুক্ত বুটমাহকে ধৰি একাধিক খাদ্য বাছনি মহাকাশচাৰী জিশ্বান আলীৰ বাবে।

চীনৰ তিয়ানগং মহাকাশ কেন্দ্ৰত পাকিস্তানৰ মহাকাশচাৰী মহম্মদ জিশ্বান আলীৰ বাবে বিশেষ খাদ্যৰ ব্যৱস্থা কৰিছে চীনৰ মহাকাশচাৰী কেন্দ্ৰই। মহাকাশচাৰীগৰাকীৰ খাদ্যাভ্যাস, ধৰ্মীয় নীতি-নিয়ম আৰু পুষ্টিৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ১০০ বিধতকৈও অধিক হালাল খাদ্যৰ এক বিশেষ তালিকা প্ৰস্তুত কৰা হৈছে।

বিশেষ মেনুত আছে বাটাৰ চিকেনৰ পৰা বীফ নিহাৰী

এই খাদ্যৰ তালিকাত বাটাৰ চিকেন, বীফ নিহাৰী, লেম্ব কোৰ্মা আৰু মছলাযুক্ত বুটমাহৰ দৰে পৰম্পৰাগত পাকিস্তানী ব্যঞ্জন অন্তৰ্ভুক্ত কৰা হৈছে। এই খাদ্যসমূহ প্ৰস্তুত কৰাৰ পূৰ্বে গৱেষকসকলে পাকিস্তানৰ খাদ্যাভ্যাস, সংস্কৃতি আৰু পুষ্টিৰ প্ৰয়োজনীয়তা পুঙ্খানুপুঙ্খভাৱে অধ্যয়ন কৰে।


চীনৰ মহাকাশচাৰী কেন্দ্ৰৰ গৱেষক চেন জুনলিয়ে জানিবলৈ দিয়া মতে, জিশ্বান আলীৰ হালধি আৰু কাৰী মছলাৰ প্ৰতি থকা পছন্দৰ কথাও বিবেচনা কৰা হৈছে। মহাকাশ যাত্ৰাৰ প্ৰথম দিনকেইটাত খাদ্য যাতে সহজে হজম হয় আৰু শৰীৰে প্ৰয়োজনীয় শক্তি পায়, তাৰ বাবে ব্যঞ্জনসমূহ বাৰে বাৰে পৰীক্ষা কৰা হৈছে। খাদ্যৰ উপাদান সংগ্ৰহৰ পৰা প্ৰস্তুত প্ৰণালীলৈকে সকলো পৰ্যায়তে হালাল নীতি মানি চলা হৈছে আৰু মহাকাশচাৰীগৰাকীৰ মতামত অনুসৰি সোৱাদতো সালসলনি কৰা হৈছে।

চীনৰ মহাকাশ কেন্দ্ৰত প্ৰথম বিদেশী মহাকাশচাৰী

২০২৬ চনৰ ২৫ নৱেম্বৰত মহম্মদ জিশ্বান আলীয়ে শ্বেনঝৌ-২৪ মহাকাশযানেৰে তিয়ানগং মহাকাশ কেন্দ্ৰত উপস্থিত হয়। ইয়াৰ জৰিয়তে তেওঁ চীনৰ মহাকাশ কেন্দ্ৰত প্ৰৱেশ কৰা প্ৰথমগৰাকী বিদেশী মহাকাশচাৰী হিচাপে পৰিগণিত হৈছে। তেওঁৰ সুবিধাৰ্থে চীনা আৰু ইংৰাজী ভাষাত অপাৰেটিং মেনুৱেল আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। মহাকাশত থকা সময়ছোৱাত তেওঁ বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাত অংশ ল'ব।

ইয়াৰ উপৰি শ্বেনঝৌ-২৩ আৰু শ্বেনঝৌ-২৪ অভিযানৰ মহাকাশচাৰীসকলৰ মাজত এক বিশেষ নৈশ আহাৰৰো পৰিকল্পনা কৰা হৈছে। মহাকাশত ৰন্ধন কাৰ্য সম্ভৱ নোহোৱাৰ বাবে সকলো খাদ্য পৃথিৱীতেই প্ৰস্তুত, পেকেটজাত আৰু সংৰক্ষণ কৰি মহাকাশলৈ প্ৰেৰণ কৰা হয়।