নতুন দিল্লী, ২৬ নৱেম্বৰ: পাকিস্তানী অভিনেতা ফৱাদ খান আৰু মাহিৰা খান অভিনীত এখন নতুন ৱেব ছিৰিজক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে Netflixক ভাৰতত পাকিস্তানত নিৰ্মিত কোনো ছবি বা ধাৰাবাহিক সম্প্ৰচাৰ নকৰিবলৈ পুনৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অ’টিটি মঞ্চটোক ২০২৫ চনৰ ৮ মে’ত জাৰি কৰা নিৰ্দেশনাৱলী কঠোৰভাৱে মানি চলিবলৈ সোঁৱৰাই দিয়ে।

‘Jo Bachay Hain Sang Samait Lo’ নামৰ পাকিস্তানী ধাৰাবাহিকখন ভাৰতত সম্প্ৰচাৰ হোৱাৰ সম্ভাৱনাক লৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ত কেইবাটাও অভিযোগ আৰু আবেদন দাখিল হৈছিল। ইয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰে Netflixক তেওঁলোকৰ পূৰ্বৰ প্ৰতিশ্ৰুতি অক্ষুণ্ণ ৰাখিবলৈ নিৰ্দেশ দিয়ে। ফাৰহাত ইশতিয়াকৰ জনপ্ৰিয় উৰ্দু উপন্যাসৰ আধাৰত আৰু মোমিনা দুৰাইদৰ পৰিচালনা তথা প্ৰযোজনাত নিৰ্মিত এই প্ৰেমৰ কাহিনীটোৱেই Netflixৰ প্ৰথমখন উৰ্দু ভাষাৰ মৌলিক ধাৰাবাহিক। ধাৰাবাহিকখনত ফৱাদ খান আৰু মাহিৰা খানৰ উপৰি হানিয়া আমিৰ, আহাদ ৰাজা মীৰ, ইক্ৰা আজিজ আৰু ছানাম ছঈদে অভিনয় কৰিছে। অহা ২০২৬ চনৰ ৪ ডিচেম্বৰত ধাৰাবাহিকখন বিশ্বজুৰি মুক্তি পোৱাৰ কথা যদিও ভাৰতত ইয়াৰ সম্প্ৰচাৰ হ’ব নে নহয়, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

২০২৫ চনৰ জুন মাহত Netflix কৰ্তৃপক্ষই মন্ত্ৰালয়ক আনুষ্ঠানিকভাৱে জনাইছিল যে ভাৰতৰ গ্ৰাহকসকলৰ বাবে পাকিস্তানত নিৰ্মিত কোনো ছবি বা ধাৰাবাহিক উপলব্ধ কৰা হোৱা নাই। কেন্দ্ৰীয় মন্ত্ৰালয়ে মঞ্চটোক সেই প্ৰতিশ্ৰুতি পুনৰ পালন কৰিবলৈ নিৰ্দেশ দিছে।

ইয়াৰ পূৰ্বে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ২০২৫ চনৰ ৮ মে’ত অ’টিটি মঞ্চ আৰু ডিজিটেল সেৱা প্ৰদানকাৰীসকলক পাকিস্তানত নিৰ্মিত সকলো ধৰণৰ সমল প্ৰদৰ্শন বন্ধ কৰিবলৈ পৰামৰ্শ জাৰি কৰিছিল।

এই বিতৰ্কৰ মাজতে অল ইণ্ডিয়া চিনে ৱৰ্কাৰ্ছ এছ’চিয়েচন (AICWA) আৰু ফেডাৰেচন অৱ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এম্প্লয়িজ (FWICE)-এ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰি এই ধাৰাবাহিকখনৰ ভাৰতত সম্প্ৰচাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবী জনায়। AICWAৰ সভাপতি সুৰেশ শ্যামলাল গুপ্তাই ২৪ নৱেম্বৰত প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰত পাকিস্তানী ছবি, শিল্পী আৰু প্ৰযোজনাৰ ওপৰত ভাৰতীয় চিনেমা, টেলিভিছন আৰু অ’টিটি মঞ্চত স্থায়ী আইনী নিষেধাজ্ঞা আৰোপ কৰিবলৈ আহ্বান জনায়। ইয়াৰ পিছদিনাই FWICEয়েও একেধৰণৰ দাবী উত্থাপন কৰে।

পাকিস্তানী মনোৰঞ্জনমূলক অনুষ্ঠানক লৈ সৃষ্টি হোৱা এই বিৰোধিতাৰ প্ৰভাৱ আন অনুষ্ঠানতো পৰিছে। বেংগালুৰুত ২৮ নৱেম্বৰ আৰু ৫ ডিচেম্বৰত প্ৰদৰ্শন হ’বলগীয়া আন এখন পাকিস্তানী ধাৰাবাহিক ‘Dar-e-Nijaat’ৰ দুটা ব্যক্তিগত প্ৰদৰ্শনী সামাজিক মাধ্যমত তীব্ৰ প্ৰতিবাদৰ পাছত বাতিল কৰা হৈছে।