গুৱাহাটী, ২৬ নৱেম্বৰ: জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ উপাৰ্জন আৰু ব্যয়ৰ সম্পূৰ্ণ হিচাপ ৰাজহুৱা কৰিছে নিৰ্মাতা সংস্থা ‘আই ক্ৰিয়েশ্যন’ আৰু ‘জিল ক্ৰিয়েশ্যনছে’। ছবিখনৰ প্ৰতি অসমবাসী দৰ্শকে আগবঢ়োৱা অভূতপূৰ্ব সঁহাৰিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি নিৰ্মাণ ব্যয়, ছবিগৃহৰ পৰা হোৱা উপাৰ্জন, কৰ পৰিশোধ আৰু সৰ্বশেষত লাভৰ পৰিমাণৰ বিতং তথ্য প্ৰকাশ কৰিছে নিৰ্মাতা সংস্থা দুটাই।
প্ৰকাশিত হিচাপ অনুসৰি, ‘ৰৈ ৰৈ বিনালে’ৰ মুঠ ৰাজহৰ পৰিমাণ ৪৩ কোটি ২ লাখ ৪১ হাজাৰ ৫৩৯ টকা। ইয়াৰে প্ৰডাকশ্যন হাউছৰ অংশ হিচাপে লাভ কৰা ৰাজহৰ পৰিমাণ ২১ কোটি ২৪ লাখ ৮৫ হাজাৰ ৬১৯ টকা। আনহাতে, আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰা প্ৰডাকশ্যন হাউছে লাভ কৰিছে ৩১ লাখ ৭৬ হাজাৰ ৫১ টকা। বাকী ধনৰাশি ছবিগৃহৰ স্বত্বাধিকাৰীসকলৰ অংশ হিচাপে লাভ কৰা বুলি প্ৰকাশ কৰা হৈছে।
নিৰ্মাতা সংস্থাৰ তথ্য অনুসৰি, ছবিখনৰ নিৰ্মাণৰ নামত মুঠ ৩ কোটি ৫৪ লাখ ৩৫ হাজাৰ ৮৫৬ টকা ব্যয় হৈছে। ইয়াৰ ভিতৰত আই ক্ৰিয়েশ্যনৰ বিনিয়োগ ৮১ লাখ ১৭ হাজাৰ ৫২৪ টকা আৰু জিল ক্ৰিয়েশ্যনৰ বিনিয়োগ ১ কোটি ৯৩ লাখ ৬৫ হাজাৰ টকা। বাকী ৭৯ লাখ ৫৩ হাজাৰ ৩৩২ টকা ছবিখনৰ ৰাজহৰ পৰা ব্যয় কৰা হৈছে।


কৰ আৰু অন্যান্য ব্যয়ৰ ক্ষেত্ৰত জিএছটি হিচাপে ৩ কোটি ৭৯ লাখ ৩ হাজাৰ ৫৫৫ টকা, বিতৰণৰ নামত ১ কোটি ৬ লাখ ২৪ হাজাৰ ২৮১ টকা, ভি পি এফ মাচুল হিচাপে ৪৩ লাখ ১৮ হাজাৰ ২৮৩ টকা আৰু আয়কৰ হিচাপে ৪ কোটি ৯৬ লাখ ১৯ হাজাৰ ৮০ টকা পৰিশোধ কৰা হৈছে বুলি হিচাপত উল্লেখ কৰা হয়।
এই সকলো ব্যয় আৰু কৰ পৰিশোধৰ পাছত ছবিখনৰ মুঠ লাভৰ পৰিমাণ ৭ কোটি ৭৭ লাখ ৬১ হাজাৰ ১১৪ টকা বুলি নিৰ্মাতা সংস্থাই প্ৰকাশ কৰিছে। ইয়াৰে আই ক্ৰিয়েশ্যনৰ লাভৰ অংশ ৩ কোটি ৮৮ লাখ ৮০ হাজাৰ ৫৫৭ টকা আৰু জিল ক্ৰিয়েশ্যনৰ লাভৰ অংশও একে পৰিমাণৰ।
ইফালে, জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰি থৈ যোৱা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনলৈ ২ কোটি ৯৮ লাখ টকা আগবঢ়োৱাৰ তথ্যও প্ৰকাশ কৰিছে নিৰ্মাতা সংস্থাই। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ এফএছ-চিএ-২০২৫-২৬-০০২৩৩ নম্বৰৰ প্ৰস্তাৱ অনুসৰি ফাউণ্ডেশ্যনটোৱে এই ধন লাভ কৰিছে। এই ধন বিভিন্ন সামাজিক কাম-কাজ, আৰ্থিক সাহায্য প্ৰদান, নতুন প্ৰজন্মৰ বাবে গ্ৰহণ কৰা প্ৰকল্প আৰু অন্যান্য অনুষ্ঠানত ব্যয় কৰা হৈছে বুলি প্ৰকাশ কৰা হয়।
ছবিখনৰ প্ৰতি দৰ্শকে আগবঢ়োৱা মৰম আৰু সঁহাৰিৰ বাবে পুনৰবাৰ অসমবাসী ৰাইজক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে নিৰ্মাতা সংস্থা দুটাই। জুবিন গাৰ্গৰ সৃষ্টিৰ প্ৰতি দৰ্শকৰ এই সঁহাৰিয়ে ছবিখনৰ বাণিজ্যিক উপাৰ্জনৰ লগতে সামাজিক কাম-কাজৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি বিবৃতিত উল্লেখ কৰা হৈছে।