শিৱসাগৰ, ২৬ নৱেম্বৰঃ ছাইৰেনৰ বিকট শব্দই কঁপাই তুলিলে সমগ্ৰ পৰিৱেশ। জীৱন ৰক্ষাৰ বাবে মাটিত শুই পৰিল জনতা। চৌদিশে নামি আহিল অন্ধকাৰ। কিছু সময়ৰ বাবে যেন যুদ্ধকালীন পৰিস্থিতিৰ সৃষ্টি হ'ল শিৱসাগৰত। অৱশ্যে এয়া কোনো প্ৰকৃত যুদ্ধৰ পৰিৱেশ নাছিল। কেন্দ্ৰীয় চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি সম্ভাৱ্য যুদ্ধ আৰু জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে অনুষ্ঠিত কৰা হৈছিল এয়াৰ ৰেইড আৰু ব্লেকআউট মক ড্ৰিল।

শিৱসাগৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ অধীনত জিলা অসামৰিক প্ৰতিৰক্ষা (Civil Defence) বিভাগে জিলাখনৰ বিভিন্ন জৰুৰীকালীন সেৱা বিভাগৰ সহযোগত শিৱসাগৰ ৰাজ্যিক পৰিবহণ নিগমৰ (ASTC) চৌহদত এই অনুশীলন কাৰ্যসূচী অনুষ্ঠিত কৰে। 2nd Phase Civil Defence Air Raid & Black Out Mock Exerciseৰ অংশ হিচাপে অনুষ্ঠিত এই মক ড্ৰিলত যুদ্ধ বা জৰুৰীকালীন অৱস্থাত শত্ৰু ৰাষ্ট্ৰৰ সম্ভাৱ্য যুঁজাৰু বিমান আৰু ড্ৰোন আক্ৰমণৰ সময়ত সাধাৰণ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰাৰ কৌশল প্ৰদৰ্শন কৰা হয়।

এই অনুশীলনৰ সময়ত ছাইৰেন বজাই সম্ভাৱ্য আকাশী আক্ৰমণৰ সতৰ্কবাণী দিয়াৰ লগতে ব্লেকআউটৰ পৰিস্থিতিৰ সৃষ্টি কৰা হয়। এনে পৰিস্থিতিত নাগৰিকসকলে কেনেদৰে নিজকে সুৰক্ষিত কৰিব, আক্ৰমণৰ সময়ত কি কি সাৱধানতা অৱলম্বন কৰিব আৰু জৰুৰীকালীন সেৱাসমূহে কেনেদৰে তাৎক্ষণিক সঁহাৰি আগবঢ়াব, সেই সম্পৰ্কে আখৰা কৰা হয়।

শিৱসাগৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত জিলা প্ৰশাসন, জিলা আৰক্ষী প্ৰশাসন, দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, অগ্নি আৰু জৰুৰীকালীন সেৱা, স্বাস্থ্য বিভাগ, লোক নিৰ্মাণ বিভাগ, F&ESS ONGC, DIPRO, APDCL, BSNL, জিলা গৃহৰক্ষী বাহিনী আৰু 11 Assam NCC Battalion-এ সহযোগিতা আগবঢ়ায়।

জৰুৰীকালীন পৰিস্থিতিত বিভিন্ন বিভাগৰ মাজত সমন্বয় স্থাপন, তাৎক্ষণিক সঁহাৰি আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত এনে অনুশীলন বিশেষভাৱে গুৰুত্বপূৰ্ণ। সম্ভাৱ্য বিপদৰ সময়ত নাগৰিক আৰু প্ৰশাসনৰ প্ৰস্তুতি পৰীক্ষা কৰাৰ উদ্দেশ্যেই এই মক ড্ৰিল অনুষ্ঠিত কৰা হয়।