গুৱাহাটী, ২৬ নৱেম্বৰ: অসম বিধানসভাৰ উপাধ্যক্ষ তথা বিজেপি বিধায়ক ডাঃ হাবে টেৰনৰ বিৰুদ্ধে এগৰাকী মহিলাই উত্থাপন কৰা গুৰুতৰ অভিযোগক পোনচাটেই নাকচ কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। এই অভিযোগসমূহ সম্পূৰ্ণৰূপে ৰাজনৈতিক ষড়যন্ত্ৰ আৰু ইয়াৰ কোনো সত্যতা নাই বুলি তেওঁ দাবী কৰে।
বুধবাৰে হাওৰাঘাটত অনুষ্ঠিত এক সংবাদমেলত তুলিৰাম ৰংহাঙে কয় যে হাবে টেৰনৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ কোনো প্ৰমাণ নাই। সমগ্ৰ বিষয়টোক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰি তেওঁ কয়—
"ইয়াৰ কোনো প্ৰমাণ নাই, সকলোবোৰ সাজি উলিওৱা হৈছে। এইটো সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰ।"
উল্লেখ্য যে ক'ভিড মহামাৰীৰ সময়ত চিকিৎসা সেৱা আগবঢ়াবলৈ গৈ ডাঃ টেৰনৰ সৈতে সম্পৰ্ক গঢ়ি উঠা বুলি এগৰাকী মহিলাই অভিযোগ উত্থাপন কৰিছিল। বিধায়কগৰাকীয়ে বিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ বাবেই পূৰ্বৰ স্বামীৰ সৈতে বৈবাহিক সম্পৰ্ক বিচ্ছেদ কৰা বুলি মহিলাগৰাকীয়ে দাবী কৰে। পৰৱৰ্তী সময়ত দুয়োৰে মাজত এটি সন্তানৰ জন্ম হয় আৰু বৰ্তমান শিশুটিৰ বয়স পাঁচ বছৰ বুলিও তেওঁ প্ৰকাশ কৰিছে।
মহিলাগৰাকীৰ অভিযোগ অনুসৰি তেওঁক গুৱাহাটীৰ এটা ভাৰাঘৰত ৰখা হৈছিল। কিন্তু হাবে টেৰনে নিৰ্বাচনত জয়ী হৈ বিধানসভাৰ উপাধ্যক্ষৰ দায়িত্ব লাভ কৰাৰ পিছত সুৰক্ষাকৰ্মী লগাই মহিলাগৰাকীক বলপূৰ্বকভাৱে সেই ভাৰাঘৰৰ পৰা উলিয়াই দিয়ে। এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
বিষয়টো ইতিমধ্যে আদালতৰ মজিয়াত থকা বুলি উল্লেখ কৰি তুলিৰাম ৰংহাঙে ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰে। আদালতৰ জৰিয়তেহে এই অভিযোগসমূহৰ সত্যাসত্য নিৰূপণ হ'ব বুলি তেওঁ জনায়।
ইফালে এগৰাকী সাংবিধানিক পদবীত অধিষ্ঠিত বিধায়কৰ বিৰুদ্ধে এনে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে অসম প্ৰদেশ মহিলা কংগ্ৰেছে সমগ্ৰ ঘটনাৰ এক নিৰপেক্ষ আৰু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত তদন্ত দাবী কৰি শাসকীয় দলক তীব্ৰ সমালোচনা কৰিছে।