যোগীঘোপা, ২৬ নৱেম্বৰ:
যোগীঘোপাত একেলগে ১৩ বাংলাদেশীক আটক। ভাৰতত প্ৰৱেশ কৰিবলৈ লওঁতেই আটক বাংলাদেশীকেইটাক।
বঙাইগাঁও জিলাৰ যোগীঘোপাত আৰক্ষীৰ এক বিশেষ অভিযানত একেলগে ১৩জন বাংলাদেশী নাগৰিকক আটক কৰা হৈছে। কোনো বৈধ নথিপত্ৰ নোহোৱাকৈ ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত বৃহস্পতিবাৰে পুৱতি নিশা আৰক্ষীয়ে লোককেইজনক আটক কৰে।
বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি যোগীঘোপা থানাৰ অন্তৰ্গত নৰনাৰায়ণ সেতুৰ সমীপত এই অভিযান চলায়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, এখন অটোৰিক্সাৰে জিলাখনৰ সীমা পাৰ হ'বলৈ চেষ্টা কৰি থকা অৱস্থাতে লোকসকলক আটক কৰা হয়।
আটকাধীন লোকসকলক আহদ আলী (২০), আমিন খান (২৪), আমিনুল ইছলাম (১৮), আশাদুল আলী (২৫), ইছাৰুল ইছলাম (২৪), জেম শ্বেখ (২১), মাছাৰুল ইছলাম (২২), মিজেন শ্বেখ (২১), মিথুন শ্বেখ (২৬), মহম্মদ ৰাছেল আলী (২০), মহম্মদ মতলেব (২০), পাৰভেজ শ্বেখ (২১) আৰু ছামিম আলী (১৮) বুলি চিনাক্ত কৰা হৈছে।
প্ৰাথমিক জেৰাত লোককেইজনে নিজকে বাংলাদেশৰ ৰাজশাহী আৰু চাপাই নবাবগঞ্জ জিলাৰ বাসিন্দা বুলি প্ৰকাশ কৰিছে। আৰক্ষীয়ে সন্দেহ কৰা মতে, প্ৰায় দুমাহ পূৰ্বে চুবুৰীয়া ৰাজ্যৰ মাজেৰে তেওঁলোকে ভাৰতত অনুপ্ৰৱেশ কৰিছিল আৰু তাৰ পিছত দেশৰ বিভিন্ন স্থানলৈ গৈছিল।
বৰ্তমান আটাইকেইজনকে আৰক্ষীৰ জিম্মাত ৰাখি সোধা-পোছা চলাই থকা হৈছে। তেওঁলোকৰ প্ৰকৃত পৰিচয়, ভাৰতত প্ৰৱেশৰ পথ আৰু এই কাৰ্যত জড়িত সম্ভাৱ্য সহযোগীসকলৰ বিষয়ে তথ্য সংগ্ৰহৰ বাবে তদন্ত অব্যাহত ৰখা হৈছে। ঘটনাটো সন্দৰ্ভত প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়াও আৰম্ভ কৰা হৈছে।