নতুন দিল্লী, ২৬ নৱেম্বৰঃ ২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি বৃহস্পতিবাৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে সমাজবাদী পাৰ্টীয়ে। দলৰ সভাপতি অখিলেশ যাদৱে মুকলি কৰা এই ইস্তাহাৰত নিবনুৱা স্নাতকসকলক সংস্থাপন লাভ নকৰালৈকে প্ৰতিমাহে ৫ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰা হৈছে।
ইয়াৰ উপৰি বৃদ্ধা মহিলা, শ্ৰমিক, মহিলা কৰ্মী আৰু কাৰিকৰসকলক বছৰি ৪০ হাজাৰ টকাকৈ পেঞ্চন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। যুৱ প্ৰজন্মৰ কৰ্মসংস্থাপনৰ বাবে পাঁচ বছৰত ২৫ লাখ চৰকাৰী চাকৰি প্ৰদানৰ লগতে অন্যান্য খণ্ডত ২ৰ পৰা ৩ কোটি লোকৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ লক্ষ্য লৈছে দলটোৱে। আনহাতে ২০৩২ চনৰ ভিতৰত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডত এক কোটিৰো অধিক সংস্থাপনৰ সুযোগ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিও দিয়া হৈছে।
শিক্ষা খণ্ডৰ বাবে সমাজবাদী পাৰ্টীয়ে ৰাজ্যিক শিক্ষা নীতি প্ৰণয়ন, বৰ্তমান চৰকাৰৰ দিনত বন্ধ হোৱা ২৬ হাজাৰ প্ৰাথমিক বিদ্যালয় পুনৰ মুকলি কৰা, ডাঙৰ চহৰসমূহত আৱাসিক ছাত্ৰাবাস নিৰ্মাণ আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ শিক্ষাৰ্থীক পুনৰ লেপটপ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে। প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত ৱাই-ফাই সেৱা দিয়াৰ লগতে ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনৰ ৬ শতাংশ শিক্ষাৰ নামত ব্যয় কৰাৰ পৰিকল্পনা কৰা হৈছে।
ইস্তাহাৰত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ৰোধৰ বাবে বিষয়া আৰু মন্ত্ৰীসকলক ব্যক্তিগতভাৱে জবাবদিহি কৰাৰ ব্যৱস্থা, কৃষকৰ ঋণ ৰেহাই, পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দিষ্ট সময়সীমা আৰু অগ্নবীৰসকলক ৰাজ্যিক চাকৰিৰ সুযোগ দিয়াৰ কথাও উল্লেখ কৰা হৈছে।
ইফালে নিৰ্বাচনক লৈ সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছৰ মাজত আসন বুজাবুজিৰ আলোচনা অব্যাহত আছে। সমাজবাদী পাৰ্টীয়ে কংগ্ৰেছক প্ৰথম পৰ্যায়ত ২৬খন আসনৰ প্ৰস্তাৱ দিয়াৰ বিপৰীতে কংগ্ৰেছে প্ৰথমে ১৮১খন আসন বিচাৰিছিল যদিও পিছত সেই দাবী ১২০খনলৈ হ্ৰাস কৰে। ইয়াৰ ভিতৰত কমেও ৫০খন জয়ৰ সম্ভাৱনা থকা আসন বিচাৰিছে দলটোৱে। শুকুৰবাৰে দুয়োটা দলৰ মাজত দ্বিতীয় পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ'ব।
আসন ভাগ-বতৰাক লৈ কংগ্ৰেছ সাংসদ ইমৰান মাছুদে অসন্তুষ্টি প্ৰকাশ কৰি মিত্ৰতাৰ আলোচনা চলি থকাৰ মাজতে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাক লৈ আপত্তি জনাইছে। অখিলেশ যাদৱে অৱশ্যে প্ৰাৰ্থীৰ জয়ৰ সম্ভাৱনাক ভিত্তি কৰিহে আসন বণ্টন কৰা হ'ব বুলি স্পষ্ট কৰি দিছে। ২০২৭ চনৰ নিৰ্বাচনত বিজেপি চৰকাৰৰ বিৰুদ্ধে সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ উপৰি এআইএমআইএম আৰু আজাদ সমাজ পাৰ্টীৰ মিত্ৰজোঁটেও প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে।