উত্তৰ-পূৰ্বাঞ্চলৰ চহৰসমূহৰ সাধাৰণ গৃহিনীৰ বেংক একাউণ্ট ব্যৱহাৰ কৰি ভাৰত-ম্যানমাৰ সীমান্তৰে চলিছে কোটি কোটি টকাৰ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছৰ বেহা। নাৰ্কটিক্স কন্ট্ৰোল ব্যুৰো চমুকৈ এনচিবিৰ এখন চাৰ্জশ্বীটত ম্যানমাৰৰ পৰা মিজোৰাম, মণিপুৰ আৰু অসম হৈ বাংলাদেশ তথা সমগ্ৰ ভাৰতবৰ্ষলৈ ড্ৰাগছ সৰবৰাহ কৰা এক বৃহৎ চক্ৰৰ বিত্তীয় নেটৱৰ্কৰ তথ্য ফাদিল হৈছে। এই চক্ৰটোৰ মূল অভিযুক্ত হিচাপে ম্যানমাৰৰ নাগৰিক থাংচিনটুৱাং ওৰফে চিনটুৱাঙক চিহ্নিত কৰা হৈছে।
তদন্তকাৰী সংস্থাই সদৰী কৰা অনুসৰি, এই চক্ৰটোৱে কেৱল নগদ ধন সৰবৰাহৰ ওপৰত নিৰ্ভৰ নকৰি স্থানীয় লোকসকলক, বিশেষকৈ গৃহিনীসকলক নিজৰ বেংক একাউণ্ট ভাড়াত দিবলৈ প্ৰলোভিত কৰিছিল। ড্ৰাগছ ক্ৰেতাই জমা কৰা প্ৰতি ১০ লাখ টকাৰ বাবদ একাউণ্টধাৰীক মাত্ৰ ২,৫০০ টকাৰ পৰা ৩,০০০ টকা পৰ্যন্ত কমিচন দিয়া হৈছিল। মিজোৰাম আৰু মণিপুৰ হৈ অসমৰ জৰিয়তে দেশৰ আন প্ৰান্তলৈ হেৰ’ইন আৰু মেথামফেটামাইন টেবলেট সৰবৰাহ হোৱাৰ পিছত সেই ধন মিজোৰামৰ সীমান্ত চহৰবোৰলৈ ঘূৰি গৈছিল আৰু তাৰ পৰাই ম্যানমাৰৰ যোগানকৰ্তাসকলক পৰিশোধ কৰা হৈছিল।
চাৰ্জশ্বীটখনৰ তথ্য অনুসৰি, গ্ৰেপ্তাৰ হোৱা লালৰামপাৰী নামৰ এগৰাকী মহিলাই নিজৰ আঠটা আৰু স্বামীৰ এটা বেংক একাউণ্ট এই কামত ব্যৱহাৰ কৰিছিল। একেদৰে আৱিলুনভুং নামৰ আন এগৰাকী গৃহিনীৰ ছটা বেংক একাউণ্টৰ জৰিয়তে প্ৰায় ৪ কোটি টকা লেনদেন হৈছিল। তদন্তত চিনটুৱাঙৰ সহযোগীসকলে ব্যৱহাৰ কৰা এনে ২৬টা বেংক একাউণ্টৰ সন্ধান পোৱা গৈছে। সামগ্ৰিক বিত্তীয় তদন্তত প্ৰায় ১০০ কোটি টকাৰ হাৱালা লেনদেনৰ তথ্য পোহৰলৈ অহাৰ পিছতে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে ধন সৰবৰাহৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।
চিনটুৱাঙক জেৰা কৰি পোৱা তথ্যৰ ভিত্তিত যোৱা ২৩ অক্টোবৰৰ পুৱতি নিশা এনচিবি, ইডি, মিজোৰাম আৰক্ষী আৰু অন্যান্য ৰাজ্যিক বাহিনীৰ ৩৮টা দলে যৌথভাৱে ‘অপাৰেচন ট্ৰাইডেন্ট’ চলায়। আইজল, চাম্পাই, জোখাৱথাৰ সীমান্ত, মণিপুৰৰ চুৰাচান্দপুৰ আৰু অসমৰ কাছাৰত চলা এই অভিযানত ১,৪২৪টা বেংক একাউণ্ট ফ্ৰিজ কৰা হয়। ইয়াৰ উপৰিও ১৭.৮২ কোটি টকাৰ সম্পত্তি সংলগ্ন কৰাৰ লগতে ৫০০টা বিস্ফোৰক ডিটোনেটৰ আৰু ১২ লাখ টকাৰ নগদ ধন উদ্ধাৰ কৰি ১৮ জন অভিযুক্তক থিতাতে গ্ৰেপ্তাৰ কৰা হয়।
মিজোৰাম, মণিপুৰ, অসম আৰু ত্ৰিপুৰাত বৰ্তমানলৈকে দুকুৰিৰো অধিক অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ এনআইএ-য়ে অসমৰ পৰাও এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ড্ৰাগছৰ সমান্তৰালকৈ ৫০০টা ডিটোনেটৰ জব্দ হোৱাৰ ঘটনাই ম্যানমাৰ-ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তাজনিত ভাবুকি বৃদ্ধি পোৱাৰ দিশটো উন্মোচিত কৰিছে।
এই বৃহৎ অভিযান সন্দৰ্ভত এক বিবৃতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ড্ৰাগছ চক্ৰৰ বিৰুদ্ধে লোৱা এই পদক্ষেপক এক কঠিন আঘাত বুলি অভিহিত কৰে। তেওঁ উল্লেখ কৰে যে ড্ৰাগছ কাৰ্টেলসমূহ সম্পূৰ্ণৰূপে ধ্বংস নকৰা পৰ্যন্ত চৰকাৰে এই অভিযান অব্যাহত ৰাখিব। বৰ্তমান চিনটুৱাং আৰু অন্যান্য অভিযুক্তসকলৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া অব্যাহত থকাৰ লগতে বিত্তীয় লেনদেনৰ অনুসন্ধান চলাই আছে ইডি আৰু এনআইএ-য়ে।