উত্তৰ-পূবৰ চলচ্চিত্ৰ জগতলৈ আহিছে এক গৌৰৱৰ খবৰ। নাগালেণ্ডৰ পটভূমিত নিৰ্মিত কন্যাক ভাষাৰ ছবি ‘আংঘ’ (Angh)-এ ২০২৭ বৰ্ষৰ অস্কাৰৰ আন্তঃৰাষ্ট্ৰীয় পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ শাখাৰ যোগ্যতাৰ তালিকাত স্থান লাভ কৰিছে। থেজা ৰিঅ’ৰ পৰিচালনাৰে নিৰ্মিত ছবিখনে ৯৯ সংখ্যক একাডেমী বঁটাৰ বাবে ঘোষণা কৰা ১০৪খন ছবিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।

২৪ নৱেম্বৰ, মঙলবাৰে একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্সেছে এই যোগ্যতাৰ তালিকা প্ৰকাশ কৰে। ২০২৬ চনৰ টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘প্লেটফৰ্ম প্ৰাইজ’ লাভ কৰাৰ বাবেই ছবিখনে অস্কাৰৰ আন্তঃৰাষ্ট্ৰীয় পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ শাখাৰ বাবে পোনপটীয়াকৈ এই যোগ্যতা অৰ্জন কৰে।

অস্কাৰৰ নতুন নিয়ম অনুসৰি, নিৰ্দিষ্ট ছখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতামূলক শাখাত পুৰস্কাৰপ্ৰাপ্ত ছবিয়ে নিজ নিজ দেশৰ আনুষ্ঠানিক মনোনয়ন নোহোৱাকৈয়ে এই শাখাত প্ৰৱেশৰ সুযোগ পায়। এই নিয়মৰ অধীনতে ‘আংঘ’-এ স্থান লাভ কৰিছে। ছবিখনে ভাৰতৰ আনুষ্ঠানিক অস্কাৰ প্ৰেৰণ তথা সন্তোষ দাভাখৰ পৰিচালিত ‘গোন্ধল’ (Gondhal)-ৰ সৈতে একেখন তালিকাত স্থান পাইছে।

১০৩ মিনিট দৈৰ্ঘ্যৰ ‘আংঘ’ ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্যও থেজা ৰিঅ’ৰ। ছবিখনৰ প্ৰযোজনা কৰিছে নেন্সি নিছা বেছোৱে আৰু কাৰ্যবাহী প্ৰযোজক হিচাপে আছে গৌৰৱ ধিংৰা।

পৰিচালক থেজা ৰিঅ’ই জনায় যে ছবিখনৰ জৰিয়তে তেওঁলোকে কন্যাক জনগোষ্ঠীৰ জীৱনবোধ, অভিজ্ঞতা আৰু দৃষ্টিভংগী বিশ্বৰ দৰ্শকৰ মাজলৈ লৈ যাব বিচাৰিছে। জনগোষ্ঠীটোক কেৱল পৰ্দাত দেখুওৱাই নহয়, বিশ্ববাসীক তেওঁলোকক বুজি পোৱাৰ এক সুযোগ সৃষ্টি কৰাটোৱেই ছবিখনৰ মূল লক্ষ্য বুলি তেওঁ প্ৰকাশ কৰে।

অস্কাৰৰ মনোনয়ন নিশ্চিত কৰাৰ বাবে দলটোৱে পূৰ্ণ প্ৰচেষ্টা চলাব বুলি পৰিচালকগৰাকীয়ে কয়। সমান্তৰালভাৱে ছবিখন ভাৰততো মুক্তি দিয়াৰ পৰিকল্পনা চলি আছে।

উল্লেখ্য যে, ২০২৬ চনৰ ১৫ ডিচেম্বৰত অস্কাৰৰ এই শাখাৰ চমু তালিকা প্ৰকাশ পাব। ইয়াৰ পিছত ২০২৭ চনৰ ২১ জানুৱাৰীত চূড়ান্ত মনোনয়ন ঘোষণা কৰা হ’ব। অহা ২০২৭ চনৰ ১৪ মাৰ্চত লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত অনুষ্ঠিত হ’ব ৯৯ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠান।