ইম্ফল, ২৬ নৱেম্বৰ: মণিপুৰত নিৰাপত্তা বাহিনীয়ে চলোৱা দুটা পৃথক অভিযানত দুটা বিদ্ৰোহী সংগঠনৰ এগৰাকী মহিলাসহ মুঠ পাঁচজন কেডাৰ গ্ৰেপ্তাৰ হৈছে। ২৫ নৱেম্বৰত চোৰাংচোৱা তথ্যৰ ভিত্তিত মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছৰ যুটীয়া দলে ৰাজ্যখনৰ বিভিন্ন স্থানত এই অভিযান চলায়। প্ৰথমটো অভিযানত ইম্ফল পশ্চিম কমাণ্ডো গোট আৰু ৩৩ নং অসম ৰাইফলছৰ এটা দলে প্ৰিপাক (প্ৰ')ৰ এগৰাকী মহিলা কেডাৰক গ্ৰেপ্তাৰ কৰে। ধৃত মহিলাগৰাকীক কাকচিং জিলাৰ চৈৰেল ছাবাল লেইকাইৰ বাসিন্দা লাইশ্ৰাম চন্দ্ৰকলা দেৱী (৫৫) বুলি চিনাক্ত কৰা হৈছে। তেওঁক বামন লেইকাই নাহাবামৰ এটা ভাড়াঘৰৰ পৰা আটক কৰা হয়।আৰক্ষীয়ে জনোৱা অনুসৰি, চন্দ্ৰকলা দেৱী নামবল অঞ্চলৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা ধন দাবী কৰি সংগঠনটোৰ বাবে পুঁজি সংগ্ৰহৰ কামত জড়িত আছিল।
আনহাতে, দ্বিতীয়টো অভিযানত টেংনৌপাল জিলাৰ ম’ৰে আৰক্ষী থানাৰ অন্তৰ্গত চোংজাং অঞ্চলৰ পৰা চোৰেপা সংগঠনৰ চাৰিজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰা হয়। ম’ৰে অঞ্চলত নিয়োজিত বিশেষ কমাণ্ডো গোট আৰু ৩৬ নং অসম ৰাইফলছৰ দলে ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৭৪ নম্বৰ সীমা স্তম্ভৰ সমীপত এই অভিযান চলাইছিল।
ধৃত চাৰিজন সদস্যক কনজেনবাম দিনেশ ওৰফে মেইতেই (১৯), চিনখেইমায়ুম অবিনাশ মেইতেই ওৰফে টম্বা (১৯), পুথেম নানাও ওৰফে পিবা (১৯) আৰু নিংথৌজাম অৰুণকুমাৰ মেইতেই ওৰফে লুম্ফু (১৯) বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে তিনিজনৰ ঘৰ ইম্ফল পূব জিলাত আৰু দিনেশৰ ঘৰ বিষ্ণুপুৰ জিলাৰ কাকয়াই লাংপোকত।
নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰা পাঁচোজন কেডাৰৰ বিৰুদ্ধে যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।