গুৱাহাটী, ২৭ নৱেম্বৰ: আৰৱ সাগৰত ১,৩৩০ কিলোমিটাৰ সাঁতুৰি ইতিহাস ৰচিলে গুৱাহাটীৰ এলভিছ আলী হাজৰিকাই।

অসমৰ বিশিষ্ট সন্তৰণবিদ এলভিছ আলী হাজৰিকাই আন তিনিগৰাকী সতীৰ্থৰ সৈতে মিলি আৰৱ সাগৰত ১,৩৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক দুঃসাহসিক ৰিলে সাঁতোৰ সফলতাৰে সম্পূৰ্ণ কৰি ইতিহাস ৰচনা কৰিছে। ‘মিছন অপৰাজয়’ নামৰ এই অভিযানৰ জৰিয়তে দলটোৱে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।

মুম্বাইৰ পৰা আৰম্ভ হোৱা এই ১৫দিনীয়া দীঘলীয়া অভিযানটো গোৱাৰ মাজেৰে পাৰ হৈ কৰ্ণাটক উপকূলত সমাপ্ত হয়। চাৰিজনীয়া দলটোৱে দিনে-নিশাই সাঁতুৰি এই লক্ষ্যত উপনীত হয়। ইয়াৰ লগে লগে এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হয় এলভিছ আলী হাজৰিকা।

অভিযানকালত দলটোৱে প্ৰচণ্ড ঢৌ, তীব্ৰ সোঁত, প্ৰতিকূল বতৰ, বিষাক্ত জেলিফিছৰ আক্ৰমণ, ছানবাৰ্ণ, শাৰীৰিক বিষ আৰু অনিদ্ৰাৰ দৰে বহু ভয়াৱহ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল। সকলো প্ৰতিবন্ধকতা নেওচি কেৱল মানসিক দৃঢ়তা আৰু ইচ্ছাশক্তিৰ বলত তেওঁলোকে এই সফলতা অৰ্জন কৰে।

সন্তৰণবিদগৰাকীয়ে সমগ্ৰ যাত্ৰাটো এক কঠিন পৰীক্ষা আছিল বুলি উল্লেখ কৰি নিজৰ এই বিৰল কৃতিত্ব অসমবাসী আৰু সমগ্ৰ দেশবাসীৰ নামত উৎসৰ্গা কৰিছে। ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ বাবেই এই সফলতা সম্ভৱ হোৱা বুলি তেওঁ প্ৰকাশ কৰে।

এই সাফল্যৰ পিছতে মন্ত্ৰী অশোক সিংঘাল, সাংসদ দিলীপ শ‍ইকীয়াৰ লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠন আৰু অনুৰাগীয়ে এলভিছ আলী হাজৰিকালৈ অভিনন্দন জ্ঞাপন কৰে।

ইফালে আৰৱ সাগৰত শেহতীয়াকৈ অসমৰ কেইবাগৰাকীও সাঁতোৰবিদে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। মাত্ৰ ৭ বছৰীয়া কিউচেংহান ফুকনে মুম্বাইৰ এলিফেণ্টা দ্বীপৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ ১৩ কিলোমিটাৰ দূৰত্ব ৩ ঘণ্টা ২৯ মিনিটত সাঁতুৰি বিশ্বৰ আটাইতকৈ কনিষ্ঠ সাঁতোৰবিদ হিচাপে পৰিগণিত হয়। আনহাতে ১১ বছৰীয়া কংকিতা দাসে ৰেৱাছ জেটিৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ ১৭ কিলোমিটাৰ পথ দ্ৰুতগতিত অতিক্ৰম কৰাৰ বিশ্ব অভিলেখ গঢ়াৰ লগতে ১৫ বছৰীয়া গৰীয়সী চুতীয়াই কৰঞ্জা জেটিৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ ২০ কিলোমিটাৰ দূৰত্ব ৫ ঘণ্টা ২৫ মিনিটত অতিক্ৰম কৰে।