গুৱাহাটী, ২১ নৱেম্বৰ: অসম ক্ৰিকেট সন্থাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব ছিনিয়ৰ মহিলাৰ আন্তঃমণ্ডল টি-২০ ট্ৰফী প্ৰতিযোগিতা। অহা ২৪ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড চমুকৈ বিচিচিআইৰ ২০২৬–২৭ বৰ্ষৰ ঘৰুৱা ক্ৰিকেট ছিজনৰ অংশ হিচাপে এই প্ৰতিযোগিতাখনৰ আয়োজন কৰা হৈছে।

প্ৰতিযোগিতাৰ খেলসমূহ গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এচিএ ষ্টেডিয়াম আৰু উত্তৰ গুৱাহাটীৰ ফুলুংস্থিত এচিএ ক্ৰিকেট একাডেমী খেলপথাৰত অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত মুঠ ছটা মণ্ডলৰ দলে অংশগ্ৰহণ কৰিব। দলকেইটা হৈছে পশ্চিম মণ্ডল, পূব মণ্ডল, উত্তৰ-পূব মণ্ডল, দক্ষিণ মণ্ডল, উত্তৰ মণ্ডল আৰু কেন্দ্ৰীয় মণ্ডল। সমগ্ৰ প্ৰতিযোগিতাখন লীগ আৰু নক-আউট ফৰ্মেটত অনুষ্ঠিত হ'ব।

সূচী অনুসৰি অহা ২৪ নৱেম্বৰত উদ্বোধনী দিনা তিনিখন মেচ অনুষ্ঠিত হ'ব। বৰ্ষাপাৰাৰ এচিএ ষ্টেডিয়ামত পশ্চিম মণ্ডলৰ বিৰুদ্ধে পূব মণ্ডল আৰু উত্তৰ মণ্ডলৰ বিৰুদ্ধে মধ্য মণ্ডল অৱতীৰ্ণ হোৱাৰ বিপৰীতে ফুলুঙৰ খেলপথাৰত উত্তৰ-পূব মণ্ডলে দক্ষিণ মণ্ডলৰ বিৰুদ্ধে খেলিব। লীগ পৰ্যায়ৰ খেলসমূহ ২৬, ২৮, ৩০ নৱেম্বৰ আৰু ২ ডিচেম্বৰত দুয়োটা স্থানতে অনুষ্ঠিত হ'ব। ইয়াৰ পিছত ৪ ডিচেম্বৰত উত্তৰ গুৱাহাটীৰ ফুলুংস্থিত এচিএ ক্ৰিকেট একাডেমী খেলপথাৰত প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব।

দেশৰ কেইবাগৰাকীও আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈয়ে এই প্ৰতিযোগিতাত বিভিন্ন দলৰ হৈ অংশ ল'ব। এই খেলুৱৈসকলৰ তালিকাত আছে স্মৃতি মান্ধানা, জেমিমা ৰড্ৰিগুৱেছ, বৈষ্ণৱী শৰ্মা, ৰিচা ঘোষ, শ্ৰেয়ংকা পাটিল, জিন্টিমণি কলিতা, উমা চেত্ৰী, নন্দিনী শৰ্মা, শেফালী ভাৰ্মা, হাৰলীন কৌৰ দেউল, অমনজোত কৌৰ, এন শ্ৰী চাৰানী, জি কমলিনী, দীপ্তি শৰ্মা, প্ৰতিকা ৰাৱাল, ৰেণুকা সিং ঠাকুৰ, অৰুন্ধতী ৰেড্ডী, ৰাধা যাদৱ আৰু নিক্কী প্ৰসাদ।

অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই এক প্ৰেছ বিজ্ঞপ্তিত জনায় যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া দল, খেলুৱৈ আৰু বিষয়াসকলক আদৰণি জনাবলৈ সন্থাই যাৱতীয় সকলো প্ৰস্তুতি চলাইছে। এই প্ৰতিযোগিতাই অঞ্চলটোৰ ক্ৰিকেট অনুৰাগীসকলক দেশৰ শীৰ্ষ ক্ৰিকেটাৰসকলৰ খেল কাষৰ পৰা উপভোগ কৰাৰ এক বিশেষ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।