কোকৰাঝাৰ জিলাৰ ৰামফলবিলৰ ৰূপনাথ ব্ৰহ্ম খেলপথাৰত অনুষ্ঠিত হয় ২০ সংখ্যক কনকেশ্বৰ নাৰ্জাৰী স্মাৰক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল। চূড়ান্ত খেলখনত মুখামুখি হয় ছানছ্ৰাং ক্লাব আৰু অলংবাৰ ক্লাব।ৰামফলবিল আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ৰামফলবিল আঞ্চলিক সমিতি, এবছুৰ সহযোগত আয়োজিত এই প্ৰতিযোগিতাখনত বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে পৃষ্ঠপোষকতা আগবঢ়ায়। প্ৰয়াত কনকেশ্বৰ নাৰ্জাৰীৰ স্মৃতি যুগমীয়া কৰাৰ লগতে অঞ্চলটোৰ যুৱ প্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি আৰু প্ৰতিভাৱান খেলুৱৈসকলক উপযুক্ত মঞ্চ প্ৰদানৰ লক্ষ্যৰে প্ৰতিবছৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে উদ্যোক্তা সমিতিয়ে। চূড়ান্ত খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ কাৰ্যবাহী সদস্য প্ৰকাশ বসুমতাৰী।
ৰামফলবিলত ২০ সংখ্যক কনকেশ্বৰ নাৰ্জাৰী স্মাৰক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল অনুষ্ঠিত
ৰামফলবিল আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ৰামফলবিল আঞ্চলিক সমিতি, এবছুৰ সহযোগত অনুষ্ঠিত হয় খেলখ
খবৰটো উপযোগী হ'লে আপোনাৰ পৰিয়াল আৰু বন্ধুৰ সৈতে শ্বেয়াৰ কৰক।
এই খবৰটো আন ভাষাত: English · हिन्दी · বাংলা
📱 ছবিৰে চাওক (ৱেব ষ্ট'ৰী)ভুল দেখিছে? আমাক জনাওক।