ডুমডুমা, ২৭ নৱেম্বৰ: অনুসূচিত জনজাতিৰ মৰ্যাদা, ভূমিৰ অধিকাৰ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত তিনিচুকীয়া জিলাৰ ডুমডুমাৰ চাহ বাগিচাসমূহত এক ব্যাপক পোষ্টাৰ অভিযান আৰম্ভ কৰিছে সদৌ আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই। বৃহস্পতিবাৰে সংগঠনটোৰ কেন্দ্ৰীয় আৰু তিনিচুকীয়া জিলা সমিতিৰ নিৰ্দেশনাত ডুমডুমা আঞ্চলিক সমিতিয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰে।
এই অভিযানৰ জৰিয়তে আদিবাসী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবীসমূহ পুনৰ উত্থাপন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৱে। নিৰ্বাচনৰ পূৰ্বে আদিবাসী সমাজক দিয়া প্ৰতিশ্ৰুতিসমূহ চৰকাৰে পূৰণ কৰাত কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ নকৰা বুলি সংগঠনটোৰ এগৰাকী নেতাই অভিযোগ তোলে। দাবীসমূহ পূৰণ নোহোৱালৈকে গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।
সংগঠনটোৱে মূলতঃ চাৰিটা দাবী উত্থাপন কৰিছে। সেইসমূহ হৈছে— আদিবাসী জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান, চাহ শ্ৰমিকৰ বাসগৃহ থকা মাটিৰ পট্টা প্ৰদান, চাহ বাগিচা শ্ৰমিক আইন, ১৯৫১ৰ অধীনত দৈনিক ন্যূনতম মজুৰি ৫৫১ টকালৈ বৃদ্ধি আৰু আছাৰ ৯ দফীয়া দাবী চনদ কাৰ্যকৰী কৰা।
অভিযানত অংশগ্ৰহণ কৰি চামেলী তাঁতী নামৰ এগৰাকী চাহ শ্ৰমিকে কয় যে ভূমিৰ অধিকাৰ আৰু ন্যায্য মজুৰিৰ বাবে তেওঁলোকে বহু বছৰ ধৰি অপেক্ষা কৰি আহিছে। শ্ৰমিক পৰিয়ালসমূহৰ নিৰাপদ বাসস্থান, মাটিৰ মালিকীস্বত্ব আৰু উন্নত মজুৰি অত্যন্ত প্ৰয়োজন বুলিও তেওঁ উল্লেখ কৰে।
আছাই জানিবলৈ দিয়া মতে, এই পোষ্টাৰ অভিযান তেওঁলোকৰ ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলনৰ এটা অংশহে। চৰকাৰে এই দাবীসমূহ সমাধান নকৰালৈকে ৰাজ্যৰ বিভিন্ন চাহ বাগিচা আৰু আদিবাসী অধ্যুষিত অঞ্চলত আন্দোলন অব্যাহত থাকিব।