গুৱাহাটী, ২৭ নৱেম্বৰ: অসমত বাল্যবিবাহৰ বিৰুদ্ধে চলোৱা অভিযানত ২০২১ চনৰ পৰা বৰ্তমানলৈকে ৬ হাজাৰৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে এই তথ্য প্ৰকাশ কৰি বাল্যবিবাহ প্ৰথা সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে চৰকাৰৰ অভিযান অব্যাহত থাকিব বুলি স্পষ্ট কৰে। প্ৰথমবাৰৰ বাবে পালন কৰা ‘শিশু, আগতীয়া আৰু বলপূৰ্বক বিবাহ নিৰ্মূলকৰণৰ আন্তঃৰাষ্ট্ৰীয় দিৱস’ উপলক্ষে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে ৰাজ্য চৰকাৰে ২০২১ চনৰ পৰাই এই সামাজিক ব্যাধিৰ বিৰুদ্ধে নিৰন্তৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। অপৰাধৰ লগত জড়িত লোকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ লৈছে।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে বাল্যবিবাহ নিৰ্মূলৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সংকল্প অটল। কন্যাশিশুৰ মৰ্যাদা, অধিকাৰ আৰু ভৱিষ্যৎ সুৰক্ষিত কৰাটোৱেই চৰকাৰৰ প্ৰধান অগ্ৰাধিকাৰ। কোনো শিশুৱেই যাতে বলপূৰ্বক বিবাহৰ কবলত পৰি শৈশৱ হেৰুৱাবলগীয়া নহয়, তাৰ বাবে চৰকাৰে বিশেষ গুৰুত্ব দিছে।
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে চলিত বৰ্ষৰ ৪ ছেপ্টেম্বৰত এক প্ৰস্তাৱযোগে ২৭ নৱেম্বৰ তাৰিখটো ‘শিশু, আগতীয়া আৰু বলপূৰ্বক বিবাহ নিৰ্মূলকৰণৰ আন্তঃৰাষ্ট্ৰীয় দিৱস’ হিচাপে ঘোষণা কৰিছিল। এনে বিবাহৰ বিৰুদ্ধে বিশ্বজুৰি সজাগতা সৃষ্টি আৰু শিশুৰ সুৰক্ষাৰ ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰেই এই দিৱস উদযাপন কৰা হৈছে।