ঢেকীয়াজুলি:

কলেজৰ চৌহদত বনাব নোৱাৰিব ৰীলছ। ইউনিফর্ম পিন্ধি ভিডিঅ' বা ৰীলছ বনালে লোৱা হ'ব বিহিত ব্যৱস্থা । শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰিৱেশ অটুট ৰাখিবলৈ কৰ্তৃপক্ষৰ এই সিদ্ধান্ত ।শ্রেণীকোঠাতো মোবাইল ফোনৰ অযথা ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই ।

শৈক্ষিক পৰিৱেশ আৰু অনুশাসন অটুট ৰখাৰ স্বাৰ্থত কেইবাটাও কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয় কৰ্তৃপক্ষই। নতুন নিৰ্দেশনা অনুসৰি মহাবিদ্যালয় চৌহদৰ ভিতৰত ছাত্ৰ-ছাত্ৰীয়ে কোনো ধৰণৰ ৰীলছ, শ্বৰ্টছ বা মনোৰঞ্জনধৰ্মী ভিডিঅ’ নিৰ্মাণ কৰিব নোৱাৰিব।

ৰীলছ নিৰ্মাণ আৰু মোবাইল ব্যৱহাৰত নিষেধাজ্ঞা

কৰ্তৃপক্ষৰ নিৰ্দেশনাত স্পষ্ট কৰি দিয়া হৈছে যে মহাবিদ্যালয়ৰ নিৰ্ধাৰিত ইউনিফৰ্ম পৰিধান কৰি ভিডিঅ’ নিৰ্মাণ কৰা আৰু ছ’চিয়েল মিডিয়াত আপলোড কৰা কাৰ্য কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে। এই নিয়ম উলংঘা কৰিলে সংশ্লিষ্ট শিক্ষাৰ্থীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সতৰ্ক কৰি দিয়া হৈছে।

ইয়াৰ উপৰি শ্ৰেণীকোঠাত পাঠদান চলি থকাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰাত সম্পূৰ্ণ বাধা আৰোপ কৰা হৈছে। পাঠদানৰ সময়ত ফোন বন্ধ নাইবা ছাইলেণ্ট মোডত ৰাখিব লাগিব। মহাবিদ্যালয় চৌহদ আৰু বাৰান্দাতো অযথা মোবাইল ফোন ব্যৱহাৰ নকৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক নিৰ্দেশ দিয়া হৈছে।

শীতকালীন পোছাক আৰু অনুশাসন

পোছাকৰ ক্ষেত্ৰতো মহাবিদ্যালয় কৰ্তৃপক্ষই বিশেষ নিৰ্দেশনা জাৰি কৰিছে। শীতকালত ছাত্ৰ-ছাত্ৰীসকলে কেৱল মহাবিদ্যালয়ে নিৰ্ধাৰণ কৰি দিয়া ৰঙৰ ছুইটাৰ বা জেকেটহে পৰিধান কৰিব পাৰিব। অন্য ৰঙৰ নাইবা ভিন্ন ডিজাইনৰ জেকেট পিন্ধি আহিলে প্ৰৱেশদ্বাৰত থকা পঞ্জীয়ন বহীত চহী কৰি বিশেষ অনুমতি লোৱাটো বাধ্যতামূলক কৰা হৈছে। অন্যথা মহাবিদ্যালয়ত প্ৰৱেশত বাধা দিয়া হ'ব পাৰে।

এই নিৰ্দেশনাৱলী উলংঘা কৰা শিক্ষাৰ্থীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা জনোৱা হৈছে। নিয়ম ভংগ কৰিলে ছাত্ৰ-ছাত্ৰীৰ মোবাইল ফোন জব্দ কৰা, অভিভাৱকক মাতি আনি লিখিত প্ৰতিশ্ৰুতি লোৱা আৰু বাৰে বাৰে নিয়ম অমান্য কৰিলে শিক্ষাৰ্থীক নিলম্বন কৰাৰ দৰে পদক্ষেপো গ্ৰহণ কৰিব পাৰে কৰ্তৃপক্ষই।