মৈৰাবাৰীৰ প্ৰাক্তন পঞ্চায়ত সভাপতি তথা সমাজসেৱক। আক্কাছ আলি জানাজা নামাজ সম্পন্ন।

দহ হেজাৰৰো অধিক লোক উপস্থিত।

আনুমানিক ৭০ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

তেওঁ দীর্ঘ দিনৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল।

গুৱাহাটীত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে ৮ টা বজাত তেওঁৰ মৃত্যু হয়।

আক্কাছ আলিৰ তিনিবাৰ মৈৰাবাৰী গাঁও পঞ্চায়তৰ পৰা সভাপতি হিচাপে আছিল। লগতে বিভিন্ন সামাজিক আৰু ধৰ্মীয় কাম কাজত তেওঁ জড়িত আছিল।

তেওঁৰ জানাজা নামাজ মৈৰাবাৰী গাৰে হেৰা জামে মছজিদ প্ৰাংগণত আদায় কৰা হয়।

তেওঁৰ জানাজা নামাজত প্ৰায় দহ হেজাৰ লোক উপস্থিত থাকে।

তেওঁৰ মৃত্যুত সমগ্র মৈৰাবাৰী অঞ্চলত শোকৰ ছা পৰিছে।