মুম্বাই, ২৭ নৱেম্বৰ: লোকসভা সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়াক লৈ বিৰোধী 'ইণ্ডিয়া' মিত্ৰজোঁটৰ মাজত মতভেদ স্পষ্ট হৈ পৰিছে। শাৰদ পাৱাৰৰ নেতৃত্বাধীন নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী (শৰদচন্দ্ৰ পাৱাৰ) চমুকৈ এনচিপি (এছ পি)-এ প্ৰস্তাৱিত সীমা পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়াক সমৰ্থন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দলৰ জ্যেষ্ঠ নেতা জিতেন্দ্ৰ আৱহাদে এই কথা সদৰী কৰে।
মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত শুকুৰবাৰে দলৰ মুৰব্বী শাৰদ পাৱাৰৰ সৈতে হোৱা এক বৈঠকৰ অন্তত হাস্পতালৰ বাহিৰত আৱহাদে সাংবাদিকৰ আগত কয় যে সংবিধানৰ বিধান অনুসৰি সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰাটো বাধ্যতামূলক। দলৰ সাংসদ সুপ্ৰিয়া ছুলে আৰু অন্যান্য সাংসদসকলে আলোচনা কৰি এই প্ৰক্ৰিয়াক সমৰ্থন জনোৱাৰ সিদ্ধান্ত লৈছে বুলি তেওঁ জনায়।
এনচিপি (এছ পি)ৰ এই ঘোষণাই বিৰোধী শিবিৰত নতুন চৰ্চাৰ সৃষ্টি কৰিছে। বিশেষকৈ সমষ্টি পুনৰ্নিৰ্ধাৰণৰ ফলত বিভিন্ন ৰাজ্যৰ লোকসভাৰ প্ৰতিনিধিত্বত কেনে প্ৰভাৱ পৰিব, তাক লৈ মিত্ৰজোঁটৰ দলসমূহৰ মাজত মতপাৰ্থক্য অব্যাহত আছে।
আনহাতে, সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সৈতে মহিলা সংৰক্ষণক সংযোগ কৰা বিষয়টোক লৈ সমালোচনা কৰিছে কংগ্ৰেছ সাংসদ শশী থাৰুৰে। তেওঁ উল্লেখ কৰে যে কংগ্ৰেছে সদায় মহিলা সংৰক্ষণৰ পক্ষত স্থিতি লৈ আহিছে আৰু এই ব্যৱস্থা তৎকালীনভাৱে কাৰ্যকৰী হোৱাটো বিচাৰে। মহিলা সংৰক্ষণৰ বাবে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ কোনো প্ৰয়োজন নাই বুলিও তেওঁ মন্তব্য কৰে।
ইয়াৰ উপৰি ডিএমকে দলৰ স্থিতিকো সমালোচনা কৰে থাৰুৰে। সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কখনক সমৰ্থন জনোৱাৰ ক্ষেত্ৰত ডিএমকে দলে আৰোপ কৰা চৰ্তক লৈ তেওঁ অসন্তুষ্টি ব্যক্ত কৰে। তামিলনাডুত পূৰ্বে হিন্দী শিক্ষণৰ আশংকাত জৱাহৰ নৱোদয় বিদ্যালয়ৰ বিৰোধিতা কৰা ডিএমকেৰ বৰ্তমানৰ স্থিতিক লৈও কংগ্ৰেছ সাংসদগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে।
এনচিপিৰ এনে পদক্ষেপে বিৰোধী ঐক্যৰ মাজত নতুন বিতৰ্কৰ সূচনা কৰিছে যদিও ইয়াৰ বাবেই সমগ্ৰ মিত্ৰজোঁটত ভাঙোন ধৰা বুলি ক'ব নোৱাৰি। সংসদত এই সন্দৰ্ভত দলসমূহে গ্ৰহণ কৰা চূড়ান্ত সিদ্ধান্তৰ পাছতহে বিৰোধীৰ পৰৱৰ্তী ৰাজনৈতিক ছবিখন স্পষ্ট হ'ব।