ডংকামোকাম, ২৮ নৱেম্বৰ: অসম বিধানসভাৰ উপাধ্যক্ষ তথা বিজেপি বিধায়ক হাবে টেৰণক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কই নতুন মোৰ লৈছে। এটি পাঁচ বছৰীয়া শিশুৰ পিতৃত্ব নিৰূপণৰ বাবে ডিএনএ পৰীক্ষা কৰোৱাত দুয়ো পক্ষই সন্মতি প্ৰকাশ কৰিছে। পৰীক্ষাৰ ফলাফলত শিশুটি নিজৰ সন্তান বুলি প্ৰমাণিত হ’লে তাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব বুলি হাবে টেৰণে প্ৰতিশ্ৰুতি দিছে।
শনিবাৰে ডংকামোকামৰ কাৰ্বি পৰম্পৰাগত ভৱন ‘কাৰ্বি হেমতুন’ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত অভিযোগকাৰী মহিলাগৰাকী আৰু ৰাইজৰ উপস্থিতিত বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে এই প্ৰতিশ্ৰুতি প্ৰদান কৰে।
উল্লেখ্য যে, যোৱা ২৪ নৱেম্বৰত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি কাবান কিলিংপি নামৰ মহিলাগৰাকীয়ে হাবে টেৰণৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ তুলিছিল। ক’ভিডৰ সময়ত চিকিৎসা চলি থকাৰ সময়তে বিধায়কগৰাকীৰ সৈতে চিনাকি হৈ সম্পৰ্ক গঢ় লৈ উঠিছিল বুলি মহিলাগৰাকীয়ে দাবী কৰে। পৰৱৰ্তী সময়ত তেওঁক বিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল আৰু এই সম্পৰ্কৰ বাবেই তেওঁৰ পূৰ্বৰ সংসাৰ ভাঙি যায় বুলিও তেওঁ অভিযোগ তোলে।
মহিলাগৰাকীৰ অভিযোগ অনুসৰি, তেওঁৰ পাঁচ বছৰীয়া পুত্ৰ সন্তানটিৰ পিতৃ হৈছে হাবে টেৰণ। গুৱাহাটীত তেওঁক এটা ভাড়াঘৰৰ ব্যৱস্থা কৰি দিয়া হৈছিল যদিও পাছত ঘৰটো এৰি যাবলৈ বাধ্য কৰোৱা হয়। টেৰণক সাক্ষাৎ কৰিবলৈ চেষ্টা কৰোঁতে সুৰক্ষাকৰ্মীয়ে বাধা দিয়াৰ অভিযোগ তুলি মহিলাগৰাকীয়ে শিশুটিৰ পিতৃত্ব নিশ্চিত কৰিবলৈ ডিএনএ পৰীক্ষাৰ দাবী জনাইছিল।
ইয়াৰ পূৰ্বে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিজেপি নেতা তুলিৰাম ৰংহাঙে অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছিল। হাওৰাঘাটত অনুষ্ঠিত এক সংবাদমেলত তেওঁ কোনো তথ্য-প্ৰমাণ নথকা বুলি দাবী কৰি সমগ্ৰ ঘটনাক এক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দিয়ে আৰু বিষয়টো আদালতত বিচাৰাধীন বুলি জনায়।
শনিবাৰে অনুষ্ঠিত বৈঠকত দুয়োপক্ষই ডিএনএ পৰীক্ষাৰ বাবে ৰাজি হোৱাৰ পাছত বিষয়টোৰ বৈজ্ঞানিক সমাধানৰ বাট মুকলি হৈছে। অৱশ্যে ডিএনএ পৰীক্ষা কেতিয়া সম্পন্ন হ’ব, নমুনা সংগ্ৰহৰ প্ৰক্ৰিয়া কেনেদৰে আগবাঢ়িব আৰু ইয়াৰ প্ৰতিবেদন কেতিয়া ওলাব, সেই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য সদৰী কৰা হোৱা নাই।